1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:17 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী… আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে শিৱসাগৰ উপায়ুক্তই

  • Update Time : Sunday, December 19, 2021

ডিজিটেল ডেস্কঃ সাহিত্যিক, কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান। শনিবাৰে কথাশিল্পী গৰাকীৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহত প্ৰদান কৰা হৈছে এই বঁটা।

শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘনিধি দাহালে উপস্থিত হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট সাহিত্যিকগৰাকীক। শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিল ইমৰাণ শ্বাহে। এই বঁটালাভ কৰি যথেষ্ট সুখী বুলিও মন্তব্য প্ৰদান কৰিছে কথাকবি গৰাকীয়ে।

উল্লেখ্য যে ক্ৰান্তিৰেখা, বন্ধ দুৱাৰ, জাৱানবন্দী, শিখৰ মিনতি, সাগৰীকা, বৰ্ণালী, তানছেং আদি উপন্যাসেৰে অসমীয়া সাহিত্যক চহকী কৰা সাহিত্যিকগৰাকীয়ে এই বঁটা লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে তেওঁৰ গুণমুগ্ধসকলো। সাহিত্যিক গৰাকীয়ে পদ্মশ্ৰী সন্মান লাভ কৰাৰ পিছতে তেওঁৰ ঘৰত ভিৰ কৰিছে অজস্ৰ শুভাকাংক্ষীয়েও।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme