1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:41 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নামেৰে নামকৰণ অসমৰ চাহ…

  • Update Time : Friday, March 18, 2022

ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে অসমীয়া যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বীৰত্ব আৰু সাহসৰ সন্মান জনাই মুকলি কৰে এটা নতুন চাহ ব্ৰেণ্ড। অসমৰ এটা ষ্টাৰ্টআপ সংস্থাই জেলেনস্কি নামৰ চাহ ব্ৰেণ্ডৰ সম্প্ৰতি মুকলি কৰিছে। এৰোমেটিক টিৰ সঞ্চালক ৰঞ্জিত বৰুৱাই জনোৱা অনুসৰি বুধবাৰে অসম চিটিচিৰ শক্তিশালী চাহ ‘জেলেনস্কি’ চাহ ব্ৰেণ্ডটো মুকলি কৰে। এই চাহ ব্ৰেণ্ডটো খোলাৰ মূল উদ্দেশ্য হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বীৰত্ব আৰু সাহসক সন্মান জনোৱা। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ অধিকাংশ চহৰ।

যুদ্ধত মৃত্যু হৈছে দেশৰ অসংখ্য সাধাৰণ নিৰীহ লোকৰ। দেশ এৰি পলায়ন কৰিছে বহু লোকে। একাংশই কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পলাই যাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱ নাকচ কৰিছিল। জেলেনস্কিয়ে কৈছে যে তেওঁক কাৰো আশ্ৰয় নালাগে, যদি পাৰে আমাক গোলা-বাৰুদেৰে সহায় কৰক। ভয়াবহ আক্ৰমণৰ পিছতো এইগৰাকী ৰাষ্ট্ৰপতিয়ে শত্ৰুৰ সৈতে যুঁজ দি আছে। জেলেনস্কিৰ এই চৰিত্ৰই সকলোৰে আগত বীৰত্বৰ প্ৰদৰ্শন কৰিছে। লগতে বৰুৱাই জনায় যে, “আমি তেওঁৰ সাহস আৰু বীৰত্বক সন্মান জনাবলৈ এই চাহৰ নাম জেলেনস্কিৰ নামেৰে নামাকৰণ কৰিছো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme