1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:05 am

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক কঠোৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ, সকলোৰে সন্মুখতে ক’লে মুৰ্খ

  • Update Time : Saturday, March 1, 2025

 

২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত হোৱাইট হাউছৰ অভাল অফিচত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত তীব্ৰ বিতৰ্ক হৈছিল। এই বিতৰ্কৰ পিছতে আমেৰিকাৰ কৰ্তৃপক্ষই ইউক্ৰেইনক দিয়া সাহায্যৰ সম্ভাৱ্য প্ৰৱঞ্চনা আৰু অপব্যৱহাৰৰ তদন্ত তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লৈছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে ইউক্ৰেইনক প্ৰদান কৰা বৃহৎ অৰ্থনৈতিক আৰু নিৰাপত্তা সাহায্যৰ সম্ভাৱ্য সমস্যাৰ বিষয়ে ইতিমধ্যে ইলন মাস্ক আৰু তেওঁৰ চৰকাৰী দক্ষতা বিভাগে তদন্ত কৰি আছে যদিও এতিয়া এই প্ৰচেষ্টাসমূহ ত্বৰান্বিত হ’ব। ইতিমধ্যে তেওঁলোকে সমস্যাৰ সন্ধান পাইছে বুলিও কয় বিষয়াগৰাকীয়ে। ইয়াৰ বাহিৰেও ট্ৰাম্পে ইউক্ৰেইনক দিয়া সকলো সামৰিক সাহায্য বন্ধ কৰাৰ কথা চিন্তা কৰিছে।

ছ’চিয়েল মিডিয়াত এই কথা কয় ইলন মাস্কে

এই বৈঠকৰ পিছত ইলন মাস্কেও ইয়াৰ তদন্তৰ ইংগিত দিয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে যে ইউক্ৰেইনলৈ প্ৰেৰণ কৰা শ শ কোটি ডলাৰৰ প্ৰকৃততে কি হ’ল সেয়া জানিবলৈ সময় আহি পৰিছে।

বৈঠকত মতানৈক্যৰ সৃষ্টি হয়

ইয়াৰ পূৰ্বে এই বৈঠকৰ সময়ত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ উপায় সম্পৰ্কে ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল আৰু আলোচনাত উত্তেজনা সৃষ্টি হৈছিল। ট্ৰাম্পে জেলেনস্কিক গালি-গালাজৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দিয়া প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰে। এই বিবাদৰ পিছত ট্ৰাম্পে বৈঠক সমাপ্ত কৰে আৰু জেলেনস্কিক হোৱাইট হাউছৰ পৰা ওলাই যাবলৈ কোৱা হয়।কেমেৰাৰ সন্মুখতে জেলেনস্কিক ‘মূৰ্খ ৰাষ্ট্ৰপতি’ আখ্যা ট্ৰাম্পৰ।

জেলেনস্কিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে

এই ঘটনাৰ পিছত জেলেনস্কিয়ে আমেৰিকা আৰু ইয়াৰ জনসাধাৰণৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ইউক্ৰেইনে ন্যায়সংগত আৰু স্থায়ী শান্তিৰ দিশত কাম কৰি আছে। একে সময়তে ট্ৰাম্পে জেলেনস্কিয়ে অ’ভেল অফিচত আমেৰিকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে যেতিয়া তেওঁ শান্তিৰ বাবে সাজু হ’ব তেতিয়া তেওঁ ঘূৰি আহিব পাৰে। এই বিতৰ্কৰ মাজতো জাৰ্মানী, ফ্ৰান্স আৰু পোলেণ্ডৰ দৰে দেশসমূহে ইউক্ৰেইনৰ প্ৰতি সমৰ্থন পুনৰ দৃঢ় কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme