1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:05 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ইউক্ৰেইনলৈ সহায়ৰ হাত! কোনে আগবঢ়ালে ৭২৩ নিযুত ডলাৰ…

  • Update Time : Tuesday, March 8, 2022
ukarine
Hand helping another up.

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ বাবে বিশ্ববেংকে আগবঢ়াইছে ৭২৩ নিযুত ডলাৰ ঋণ আৰু অনুদান পেকেজ৷ বিশ্ববেংক ঋণৰ বাবে অতিৰিক্ত ৩৫০ মিলিয়ন ডলাৰৰ লগতে নেডাৰলেণ্ড আৰু চুইডেনৰ প্ৰায় ১৩৯ মিলিয়ন ডলাৰ আগবঢ়োৱা হৈছে পেকেজটোত৷ ইউক্ৰেইনৰ বাবে এই পেকেজটো পৰিপূৰক বাজেটীয় সাহায্য পেকেজ বুলি অনুমোদিত হৈছে। ইউক্ৰেইনৰ অৰ্থনৈতিক অৱস্থাক পুনৰুদ্ধাৰ কৰিবলৈ লোৱা হৈছে এই পদক্ষেপ৷ অৰ্থনৈতিক জৰুৰীকালীন অৱস্থাৰ পৰা পুনৰুদ্ধাৰৰ বাবে বিত্তীয় যোগান ধৰা হৈছে ৪৮৯ নিযুত ডলাৰ৷ এই পেকেজটোত ব্ৰিটেইন, ডেনমাৰ্ক, লাটভিয়া, লিথুৱানিয়া আৰু আইচলেণ্ডে ১৩৪ নিযুত ডলাৰৰ অনুদান আগবঢ়োৱা হৈছে৷

ইয়াৰ লগতে পেকেজটোত জাপানে আগবঢ়াইছে ১০০ মিলিয়ন ডলাৰ৷ বিশ্ববেংকৰ মুখপাত্ৰই উল্লেখ কৰা অনুসৰি, অহা কেইদিনমানৰ ভিতৰত এই পুঁজি ইউক্ৰেইন চৰকাৰক হস্তান্তৰ কৰা হ’ব। বিশ্ববেংকৰ বাজেট সমৰ্থন ঋণৰ ওপৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাই। দেশখনে পুঁজি কেনেদৰে ব্যয় কৰিব লাগে সেই বিষয়ে দেশখনৰ চৰকাৰখনে সিদ্ধান্ত ল’ব পাৰে। বিশ্ববেংকৰ তথ্য অনুসৰি ইউক্ৰেইনৰ এই সময়চোৱাত চিকিৎসালয়ৰ কৰ্মচাৰীসকলক বেতন দিয়া, পেঞ্চন পুঁজি প্ৰদান কৰা আৰু সামাজিক কাৰ্যসূচী অব্যাহত ৰখাত সহায় কৰিব।

বিশ্ববেংকৰ সভাপতি ডেভিদ মালপাছে এক বিবৃতিত জনায় যে “ৰাছিয়াৰ আক্ৰমণৰ ফলত হোৱা হিংসাত্মক ঘটনা আৰু চৰম দুৰ্যোগৰ সন্মুখীন হোৱা ইউক্ৰেইনক বিশ্ববেংকে সহায় কৰিবলৈ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি আছে। বিশ্ববেংকৰ গোটে ইউক্ৰেইন আৰু ইউক্ৰেইনবাসীৰ সৈতে থিয় দিছে। এই সংকটৰ সময়ত সুদূৰপ্ৰসাৰী মানৱীয়তা আৰু অৰ্থনৈতিক প্ৰভাৱৰ সৈতে যুঁজিবলৈ বিশ্ববেংকে লোৱা পদক্ষেপবোৰৰ ভিতৰত এইটো প্ৰথম। আনহাতে, অনাগত দিনত ইউক্ৰেইনৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ ৩ বিলিয়ন ডলাৰ সাহায্য প্ৰদানৰ ওপৰত কাম কৰিব বিশ্ববেংকে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme