CTA DESK, বিহাৰ, ৫ জুনঃ বিহাৰত ছেনিটাৰী পেড বিতৰণ কৰিলে কংগ্ৰেছে। পিছে পেকেটত ৰাহুল গান্ধীৰ ফটোক লৈ ৰাজনৈতিক বিতর্ক আৰম্ভ হৈছে। একেদৰে মহিলাক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে, কাৰণ ছেনিটাৰী পেডৰ পেকেটৰ লগতে ছেনিটাৰী পেডতো আছে ৰাহুল গান্ধীৰ ফটো। বিহাৰৰ সমাগত বিধানসভা নির্বাচনত মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে হিন্দী চিনেমা ‘পেডমেন’ৰ অনুপ্ৰেৰণাৰে ৰাজ্যখনত বিতৰণ কৰিছে ছেনিটাৰী পেড। প্রায় ৫ লাখ মহিলাক ইতিমধ্যে এই পেড বিতৰণ কৰা হৈছে। কিন্তু বিতৰণ কৰা পেডসমূহৰ পেকেটত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ফটো সন্নিৱিষ্ট হৈ থকাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্রেছে প্রিয়দর্শিনী উড়ান যোজনাৰ অধীনত এই পেডসমূহ বিতৰণ কৰিছে। পেডৰ পেকেটত ৰাহুল গান্ধীৰ ছবি সন্নিবিষ্ট কৰাক লৈ বিজেপিয়ে কংগ্ৰেছক তীব্রভাৱে সমালোচনা কৰি দলটোক মহিলাবিৰোধী আখ্যা দিয়ে।
ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী