ৰাজ্যত প্ৰতি দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। এইবাৰ নলবাৰীত ঘটিল তেনেই এক ঘটনা। নলবাৰীৰ লোহাৰকাঠাত এগৰাকী বোৱাৰী পলাই যোৱাৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নলবাৰীৰ সংবাদদাতা হিৰক ডেকাই প্ৰেৰণ কৰা খবৰ অনুসৰি, লোহাৰকাঠা গাঁৱৰ আৰিফুদ্দিন আহমেদ নামৰ লোকজনৰ পত্নী মিনতি বেগমে দুটি সন্তান লগত লৈ পলাই যোৱাৰ অভিযোগ স্বামীৰ । লোহাৰকাঠাৰ ওচৰৰে হাবলাখাৱা গাঁৱৰ জমিৰুদ্দিন আহমেদ নামৰ লোক এজনৰ সৈতে মিনতি বেগম পলাই যোৱা বুলি জানিবলৈ দিয়ে স্বামী আৰিফুদ্দিন আহমেদে । যোৱা ১০ জুন তাৰিখে স্বামী আৰিফুদ্দিন আহমেদে ব্যৱসায় সূত্ৰে আছিল ঘৰৰ বাহিৰত। স্বামী আৰিফুদ্দিনে ব্যৱসায় কৰি আহি গম পাই যে পত্নী সহ দুটি কন্যা-পুত্ৰ সন্তান ঘৰত নাই । পৰৱৰ্তী সময়ত তেওঁ বিচাৰ খোচাৰ কৰাত আৰিফুদ্দিনৰ পৰিয়াললৈ ফোন কৰি পত্নী মিনতি বেগমে পৰ পুৰুষৰ লগত পলাই যোৱাৰ খবৰ দিয়ে । স্বামীয়ে জানিবলৈ দিয়া মতে পত্নী মিনতি বেগমে দুটি সন্তানসহ নগদ ১ লাখ ৭ হাজাৰ টকা লগত লৈ পলাই যায় হাবলাখাৱাৰ জমিৰুদ্দিন আহমেদ নামৰ লোকজনৰ লগত । জানিব পৰা মতে জমিৰুদ্দিন আহমেদ ইতিমধ্যে বিবাহিত । ঘটনা সন্দৰ্ভত স্বামী আৰিফুদ্দিনে আদাবাৰী পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।