চলিত বৰ্ষৰ এপ্ৰিল মাহত এটা খবৰ আহিছিল যে হোৱাটছএপে এপটোৰ ভিতৰতে পোনপটীয়াকৈ ফোন কৰাটো সহজ কৰি তুলিব পৰা এটা ফিচাৰৰ ওপৰত কাম কৰি আছে। সমগ্ৰ বিশ্বৰ মানুহে মেছেজ বা কলৰ জৰিয়তে হোৱাটছএপত কথা পাতি ভাল পায়। কিন্তু এতিয়ালৈকে যদি আপোনাৰ ফোন কনটেক্ট লিষ্টত চেভ নোহোৱা কাৰোবাক ফোন কৰিবলৈ বিচাৰিছিল তেন্তে সামান্য সমস্যা হৈছিল। কিন্তু এই নতুন ফিচাৰৰ আগমনৰ লগে লগে হোৱাটছএপে এই সমস্যা সমাধানৰ চেষ্টা চলাইছে।
এতিয়ালৈকে অচিনাকি নম্বৰত ফোন কৰিবলৈ ফোনটোৰ কনটেক্ট লিষ্টত চেভ কৰিব লাগিছিল নাম্বাৰ। কিন্তু WABetaInfo ৰ প্ৰতিবেদন অনুসৰি, WhatsApp Beta ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইডৰ শেহতীয়া আপডেটত কল টেবত এটা নতুন বুটাম পাইছে। এই বুটামটো টিপিলে আপুনি যিকোনো ব্যক্তিক পোনপটীয়াকৈ ফোন কৰিব পাৰে, যদিও তেওঁলোকৰ নম্বৰ আপোনাৰ ফোনটোৰ যোগাযোগ তালিকাত নাথাকে।