1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 10:42 pm

আহি আছে ৰাজযোগ! সলনি হ’ব কেইবাগৰাকীও লোকৰ ভাগ্য

  • Update Time : Thursday, May 2, 2024

ব’হাগৰ মাহৰ শুক্লা তৃতীয় পক্ষত পালন কৰা হয় অক্ষয় তৃতীয়া, অক্ষয় তৃতীয়াৰ সময়তে বহু লোকে নতুন কামৰ শুভাৰম্ভ কৰা দেখিব পোৱা যায়। আনহাতে এই দিনটোত প্ৰায় সংখ্যক লোকে সোণ-ৰূপ ক্ৰয় কৰাৰ লগতে নিজৰ ঘৰলৈ নতুন বস্তু ক্ৰয় কৰি আনে।এই সময়খিনিত বিবাহ আজি কৰি বিভিন্নধৰণৰ মাংগলিক কাম সম্পন্ন কৰা হয়। অক্ষয় তৃতীয়াৰ সময়তে সৃষ্টি হৈছে এক বিশেষ ৰাজযোগৰ, এই ৰাজযোগৰ সৃষ্টিৰ ফলত কেইবাগৰাকীও জাতক-জাতিকাৰ জীৱনত পৰিব যথেষ্ট প্ৰভাৱ পৰা দেখিব পোৱা যাব।
বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এইবাৰৰ অক্ষয় তৃতীয়া অতি গুৰুত্বপূৰ্ণ, বাণিজ্যিক ক্ষেত্ৰত বহু ভাল ফলাফল দেখুওৱাব পাৰিব এইসকল জাতক-জাতিকাই। আনহাতে মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত আগমন হ’ব ধনৰ। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলেও চাকৰিত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে, লগতে আৰ্থিক দিশৰ ক্ষেত্ৰতো লাভ হ’ব এইসকল ৰাশিৰ জাতক-জাতিকাৰ। তুলা ৰাশিৰ লোকৰ ব্যক্তিসকলৰো ঘূৰিব ভাগ্যৰ চকৰি। নতুন সম্পত্তি ক্ৰয় কৰা যুগ আছে এইসকল ৰাশিৰ জাতক-জাতিকাৰ। ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই অক্ষয় তৃতীয়াই লৈ আহিব অগাধ পৰিৱৰ্তন। জাতক-জাতিকাৰ লোকে বিনিয়োগৰ পৰা অতি ভাল ৰিটাৰ্ণ পাব পাৰে। পাবলগীয়া ধন এই সময়ছোৱাত ঘূৰাই পাব ধনু ৰাশিৰ জাতক-জাতিকাসকলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme