আজি আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়ংকৰ বিমান দুৰ্ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। আহমেদাবাদৰ পৰা লণ্ডনলৈ গৈ থকা এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ (ফ্লাইট এ আই ১৭১) উৰণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে মেঘনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি ২৪২জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ আছিল।
কিন্তু আপুনি জানেনে বিমান দুৰ্ঘটনাৰ পিছত গুৰুত্বপূৰ্ণ হৈ পৰে বিমান থকা এটা ব্লেক বক্স। এই ব্লেক বক্সে সত্যক উলিয়াই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ব্লেক বক্স কি আৰু ই কিয় গুৰুত্বপূৰ্ণ?
ব্লেক বক্সটো আচলতে দুটা ডিভাইচৰ ছেট- ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফডিআৰ) আৰু ককপিট ভইচ ৰেকৰ্ডাৰ (চিভিআৰ)। ইয়াৰ ৰং কমলা ৰঙৰ, যাতে দুৰ্ঘটনাৰ ধ্বংসাৱশেষত ইয়াক সহজে পোৱা যায়।
FDR: বিমানখনৰ গতি, উচ্চতা, ইঞ্জিনৰ অৱস্থা আৰু কাৰিকৰী বিৱৰণ লিপিবদ্ধ কৰে
CVR: পাইলট আৰু কণ্ট্ৰল ৰুম বা ক্ৰুৰ মাজৰ কথা-বতৰা ৰেকৰ্ড কৰে।
বিমানখনৰ ব্লেক বক্স কিমান শক্তিশালী?
বিমানখনৰ ব্লেক বক্সে ১১০০ ডিগ্ৰী চেলছিয়াছ জুই, ৬,০০০ মিটাৰ গভীৰ সাগৰ, আৰু প্ৰচণ্ড জোকাৰণি সহ্য কৰিব পাৰে। ই ৩০ দিনলৈ সংকেত প্ৰেৰণ কৰি থাকে।
ব্লেক বক্সে কেনেকৈ সহায় কৰে?
ব্লেক বক্সে দুৰ্ঘটনাৰ ঠিক আগৰ পৰিস্থিতি উন্মোচন কৰে – কাৰিকৰী দোষ আছিল নেকি, পাইলটৰ ভুল আছিল নেকি বা কোনো বাহ্যিক কাৰণ আছিল নেকি।
আহমেদাবাদ দুৰ্ঘটনাৰ সত্য কেনেকৈ ওলাই আহিব?
এই দুৰ্ঘটনাৰ তদন্তত ব্লেক বক্সে হ’ব আটাইতকৈ ডাঙৰ অস্ত্ৰ। ইয়াৰ বাহিৰেও আন বহু দিশত সত্য ওলাই আহিব-
ব্লেক বক্স বিশ্লেষণঃ ডিজিচিএ (অসামৰিক বিমান পৰিবহণৰ মহানিৰ্দেশনা) আৰু এএআইবি (বিমান দুৰ্ঘটনা তদন্ত ব্যুৰো)ৰ দৰে তদন্তকাৰী সংস্থাই ব্লেক বক্স উদ্ধাৰ কৰিব। উৰণৰ সময়ত বিমানখনৰ গতি, উচ্চতা আৰু ইঞ্জিনৰ অৱস্থাৰ তথ্য প্ৰদান কৰিব এফডিআৰে। চিভিআৰে পাইলটৰ শেষৰ কথা-বতৰা আৰু মে’ডে কলৰ সবিশেষ প্ৰকাশ কৰিব। বয়িং আৰু এয়াৰ ইণ্ডিয়াৰ কাৰিকৰী দলেও এই তথ্য বিশ্লেষণ কৰিব।
ফৰেনছিক তদন্তঃ বিমানখনৰ ধ্বংসাৱশেষ দুৰ্ঘটনাস্থলীত পৰীক্ষা কৰা হ’ব। ইঞ্জিন আৰু অন্যান্য অংশৰ ফৰেনছিক অধ্যয়নত কাৰিকৰী দোষ বা বাহ্যিক ক্ষতিৰ কথা পোহৰলৈ আহিব।
এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি) ৰেকৰ্ড: এটিচিৰ সৈতে পাইলটৰ কথা-বতৰা আৰু মে’ডে কলৰ ফলত দুৰ্ঘটনাৰ পূৰ্বে পৰিস্থিতি স্পষ্ট হ’ব।
মৰণোত্তৰ পৰীক্ষা আৰু চিকিৎসাৰ প্ৰতিবেদন: মৃত আৰু আহতসকলৰ চিকিৎসা পৰীক্ষা কৰিলে আঘাত আৰু দুৰ্ঘটনাৰ ভয়াৱহতাৰ ধাৰণা পোৱা যাব।
চৰকাৰী তদন্ত সমিতি: চৰকাৰে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰিছে, য’ত ডিজিচিএ, এএআইবি, আৰু বয়িঙৰ বিশেষজ্ঞসকল থাকিব। এই কমিটীয়ে সকলো প্ৰমাণ সংকলন কৰি দুৰ্ঘটনাৰ কাৰণ বুজাব।
দুৰ্ঘটনাৰ কাৰণ কি হ’ব পাৰে?