আলফা স্বাধীনক সকীয়নি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ৷ যোৱা ১৫ আগষ্টত ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা স্বাধীনৰ দ্বাৰা বোম সংস্থাপনক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে সংবাদমাধ্যমৰ সম্মুখত আলফা স্বাধীনলৈ আঙুলি কৰি কয় ‘ অসমক ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব৷ প্ৰৰোচনা-উচতনিত বেয়া কাম নকৰিবলৈ নতুন প্ৰজন্মলৈ মোৰ আহ্বান বেয়া কাম কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব৷’ তেজপুৰ বিশ্ববিদ্যালয়ত সোমবাৰে অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী জি পি সিঙ৷ DGP জি পি সিঙে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক অন্তৰংগ বাৰ্তালাপতো মিলিত হোৱাৰ পিচতেই আলফা স্বাধীনৰ মুৰব্বীগৰাকীৰ প্ৰতি প্ৰশ্ন নিক্ষেপ কৰি কয় ‘অসমৰ সাম্প্ৰতিক উন্নয়নৰ ছবি বাহিৰত থাকিলে কেনেকৈ দেখিব? শেহতীয়া ঘটনাক লৈ অসম আৰক্ষীয়ে অসহায়বোধ কৰা নাই ৷ অসম আৰক্ষী ব্যৰ্থ হোৱা নাই। আগন্তুক ৫০ বছৰৰ অসমৰ উন্নয়নক লৈ অসম আৰক্ষী সদা সষ্টম৷