1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2024, 3:16 pm
Trending:
কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী! এই ৫ বিধ খাদ্যই আপোনাক নিৰোগী ৰখাত কৰিব সহায় কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে AI ৰবটে?

আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল!

  • Update Time : Thursday, July 4, 2024

আমলখি এবিধ ঔষধি গুণসম্পন্ন গছ। বাৰিষা কালত আমলখি গছত ফুল আৰু ফল ধৰে। ফলবোৰ খৰালি কালতহে পুৰঠ হয়। টেঙা জাতীয় আমলখিৰ প্ৰায় সকলো ৰোগ আৰোগ্য কৰাৰ ক্ষমতা আছে। ই আমাৰ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে। এটা ভাল আমলখিয়ে এটা কুকুৰা কণী বা এগিলাছ গাখীৰতকৈ ভাল ফল দিয়ে।
বিভিন্ন ৰোগ আৰোগ্যত আমলখিৰ ব্যৱহাৰ তলত দিয়া হ’ল –

১) মুৰ কামোৰণিত আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়।

২) চুলি সৰিলে কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়।

৩) ছাল নিমজ কৰিবলৈ প্ৰতিদিনে ৪/৫ টা আমলখি খালে অতি চমৎকাৰ ফল পোৱা যায়।

৪) মুৰত উফি হ’লে আমলখি, শিলিখা আৰু ভোমোৰা গুটিৰ ৰস উলিয়াই মুৰত সানিব লাগে।

৫) অকালতে চুলি পকা অকালতে চুলি নপকিবৰ কাৰণে আৰু আয়ুস ব্ৰিদ্ধিৰ কাৰণে নিতৌ গা ধোৱাৰ আগতে ৫-৬ টা আমলখি পিহি মুৰত সানি পিহি ধুব লাগে। আৰু আমলখিৰ ৰস মৌৰ সৈতে খালে আয়ুস বাঢ়ে।

৬) দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণে নিয়মীয়াকৈ দুটা বা তিনিটা আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি পায়।

৭) হৃদৰোগ: আমলখিৰ ৰস ৫-৬ চামুচ আধা গিলাচ গৰুৰ গাখীৰৰ লগত মিহলাই নিয়মিত খালে এই মাৰাত্মক ৰোগ ভাল হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme