চলি আছে শাওন মাহ, শাওন মাহত বৰষুণৰ মাত্ৰা পূৰ্বৰ তুলনাত কিছু পৰিমাণে অধিক হোৱা দেখা পোৱা যায়। সচৰাচৰ দেখিব পোৱা বৰষুণত তিতিলে চৰ্দি, জ্বৰ, কাঁহ হোৱাটো প্ৰায় অনিবাৰ্য।
বৰষুণত তিতিলে কি কৰিব ?
১. যিমান সোনকালে পাৰে কাপোৰবোৰ আঁতৰাই দিব। তিতা কাপোৰ পিন্ধি এচিত প্ৰৱেশ কৰিলে ঠাণ্ডা হোৱাৰ আশংকা থাকিব। গতিকে বেগত প্লাষ্টিক ভৰ্তি শুকান কাপোৰ ৰাখিব পাৰে। অফিচলৈ যোৱাৰ সময়ত যদি তিতি যায়, তেন্তে এচিত সোমোৱাৰ আগতে কাপোৰ সলনি কৰিলে চৰ্দি হোৱাৰ সম্ভাৱনা কম হ’ব।
২. বৰষুণত ভিজিলে প্ৰথমে কুহুমীয়া পানীত ভালকৈ গা ধুব লাগে।
৩. বৰষুণত তিতি যোৱা মানে ভৰিৰ লেতেৰা পানী আৰু বোকা। গা ধুওঁতে ভৰি দুখন চাবোনেৰে ধুই চাফা কৰিব লাগে। ৰাস্তাৰ পৰা অহা লেতেৰা পানী ভৰিত লাগি থাকিলে সংক্ৰমণৰ আশংকা থাকে। নখৰ চুকবোৰো চাফা কৰিব লাগে।
৪. বৰষুণত তিতিলে শীতল পানীয় বা খাদ্য খোৱাৰ সলনি কাপোৰ খুলি গৰম বনৌষধি চাহৰ চুমুক দিব পাৰে। আদা, লং, তুলসীৰে তৈয়াৰী চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। লগতে বনৌষধি চাহে শৰীৰত পানীৰ অভাৱ নাইকিয়া কৰিব।
৫. বিভিন্ন শাক-পাচলি, ফল-মূলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পাটিলেবু, আমলকীত ভিটামিন চি থাকে। ই শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। দৈনন্দিন খাদ্য তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিলে বৰষুণত তিতিলেও শৰীৰে নিজাববীয়াকৈ সৰু সৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব পাৰিব।