1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 1:30 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

আপোনাৰ পৰিয়ালৰ বাবে অতি সোনকালে সাজু কৰক ৰাতিপুৱাৰ আহাৰ!

  • Update Time : Friday, June 7, 2024

পুৱাৰ ভাগত বহুতৰে বাবে সময় অতি কম থাকে, বহুতে খোৱাৰ বাবেও অতি খৰধৰ কৰা দেখা যায়৷ সেইবাবেই আমি সকলোৱে এনে ব্যঞ্জন বিচাৰো যিবোৰ প্ৰস্তুত কৰাটো সহজ আৰু লগতে সোনকালে তৈয়াৰ কৰিব পৰা যায়৷ পৰিয়ালৰ কোনো লোকে যদি নিজৰ কামৰ বাবে ওলাই যাব লগা হয় তেন্তে সোনকালে কিবা এটা বনাই খুৱাই পঠাব পাৰিলে ভাল লাগে৷ কিন্তু কেতিয়াবা ইমান বেছি কাম থাকে বা কেতিয়াবা কোনো কাৰণত শুই উঠা পলম হ’লে নোখোৱাকৈয়ে গুচি যাব লগা হয়৷ গতিকে আহকচোন জানি লওঁ আজি আমি আপোনজনৰ বাবে বা পৰিয়ালৰ বাবে অতি সহজতে আৰু প্ৰায় ১০ মিনিটৰ ভিতৰতে বনাই খোৱাব পৰা কিছু সহজ ৰেচিপি৷
. ৰাতি ৰৈ যোৱা ভাত যদি থাকে তেন্তে তাৰ পৰাও আমি তৈয়াৰ কৰিব পাৰোঁ সুস্বাদু খাদ্য৷ প্ৰথমে এটা বাটিত অলপ ভাত লৈ ল’ব, তাত কটা বিলাহী, কটা গাজৰ আৰু কটা পিঁয়াজৰ লগতে ৰঙা জলকীয়া দিব ৷ ইয়াত আপোনাৰ পছন্দ অনুসৰি যিকোনো ধৰণৰ শাক-পাচলি দিব পাৰে৷ ইয়াৰ পিছত চাট মছলা আৰু নিমখ ৰুচি অনুসৰি দিব৷ এতিয়া তাৰ ওপৰত কিছু কটা পিঁয়াজ ছটিয়াই দিব ৷তাৰ পিছত ৪খন ব্ৰেডৰ টুকুৰা লৈ পানীত ডুবাই ল’ব৷ এতিয়া ব্ৰেডখিনি দুহাতেৰে পানীখিনি চেপি উলিয়াই মিশ্ৰণখিনিত মিহলাই লওক৷ এতিয়া সকলোখিনি ভালদৰে হাতেৰে মিহলাই লওক৷ তাৰ পাছত গেছৰ ওপৰত পেন বা টেৱা এখন ৰাখক তাত তেল দি গৰম হ’বলৈ দিব৷ তেলখিনি গৰম হোৱাৰ পিছত এতিয়া পেনখনত মিশ্ৰণ খিনি ঢালি মেলি দি সিজিবলৈ দিব৷ দুয়োফালে সোণালী বৰণৰ হোৱালৈকে সিজাই লওক৷ আৰু শেষত পৰিয়ালৰ সৈতে গ্ৰহণ কৰক৷
. ৰাতিৰ ভাত ৰৈ গলে পিছদিনা নিজ পছন্দৰ পাচলি কাটি গৰম তেলত ভাজি তাত ভাতখিনি দি সোৱাদ অনুযায়ী নিমখ, হালধী, মছলা দি ধুনীয়াকৈ দি পিছত খাব পাৰে৷
. ঘৰত যদি ব্ৰেড, কণী থাকে তেন্তে বনাব পাৰে এবিধ সুস্বাদু খাদ্য৷ ব্ৰেড কেইখন অলপ গৰম কৰি, কণী কেইটা আমলেট বনাই ব্ৰেজৰ মাজত দি তাত বিলাহী অলপ কাটি দি যিকেনো চাটনিৰ সৈতে গ্ৰহণ কৰিব পাৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme