তেওঁ আপোনাৰ সকলোতকৈ প্ৰিয় বন্ধু বা বান্ধৱী হ’ব পাৰে৷ আপুনি প্ৰতিটো কথা শ্বেয়াৰ কৰিব পৰাকৈ তেওঁ আপোনাৰ অন্যতম বান্ধৱী হ’ব পাৰে৷ প্ৰায়েই এটা কথা মন কৰিব চোন আমি আমাৰ অন্তৰংগ বন্ধুৰ সম্মুখত আমাৰ আটাইতকৈ গোপনীয় কথাও কৈ দিওঁ৷ কিন্তু আপুনি যাক কথাষাৰ কলে তেওঁ জানো আপোনাৰ কথা গুপনে ৰাখিব পাৰিব? বিশ্বাসী বুলি ভাৱি আপুনি সহজে কৈ দিয়া কিছু কথাই কিন্তু আপোনাক পেলাব পাৰে বিপদত৷ গতিকে লক্ষ্য ৰাখিব যিমানেই প্ৰিয় হ’লেও কিছুমান গোপন কথা যেন কাকো নকয় অন্যথা বিপদ আপোনাৰ৷ এতিয়া নিশ্বয় ভাৱিছে আমি কোনবোৰ কথা গুপনে ৰাখিব লাগে৷ বাৰু আহক আপোনালোকক জনাওঁ কোনবোৰ কথা প্ৰকৃততে গুপুতে ৰাখিব লাগে?
পাছৱৰ্ড- ATM ৰ পাছৱৰ্ড, মোবাইলৰ পাছৱৰ্ড, লেপটপ পাছৱৰ্ড কাকো নজনাব ৷ কাৰণ আপোনাৰ এই সমূহ পাছৱৰ্ডৰ পৰাই আপোনাৰ বন্ধুৱে কৰিব পাৰে আপোনাৰ সৈতে অন্যায়৷
ব্যক্তিগত সমস্যা- জীৱনৰ সমস্যাৰ কথা কাৰোবাৰ আগত কলে মনটো পাতল লাগে৷ কিন্তু সমস্যাৰ সমাধান নহয়৷ হয়তো আপোনাৰ সমস্যাক লৈ আনে উপলুঙা কৰিব পাৰে৷ গতিকে আপোনাৰ কোনোধৰণৰ ব্যক্তিগত কথা আনৰ আগত নকবা৷
আৰ্থিক পৰিকল্পনা- আপোনাৰ প্ৰিয়জনেই হওঁক বা বন্ধুৱে হওঁক কাৰোৰে আগত আপোনাৰ বেংকৰ সাঁচতীয়া ধনৰ পৰিমানৰ কথা নকব৷
আনৰ গোপন কথা- কোনোবাই আপোনাক বিশ্বাসত তেওঁৰ কিছু গুপন কথা কৈছে৷ সেই গুপন কথা আপুনি সদায় নিজৰ মাজত ৰাখক কোনোপধ্যেই বেলেগৰ আগত নকব৷ কাৰণ আপুনি যাৰ আগত কথাবোৰ ক’ব তেওঁ নিশ্বয় পিছত আন কাৰোবাৰ ক’ব এনেকৈ কথাবোৰ বাগৰি সেইগৰাকীৰ কাণত যদি পৰে যি আপোনাক মাত্ৰ সেই কথা কৈছিল তেন্তে তেওঁৰ আপোনাৰ ওপৰত বিশ্বাস নাইকিয়া হৈ পৰিব৷
ভৱিষ্যৎ পৰিকল্পনা- আপুনি ভৱিষ্যতৰ বাবে কি পৰিকল্পনা কৰিছে সেইকথা কোনোপধ্যেই কাৰো কাণত পৰিবলৈ নিদিব মনত ৰাখিব বেৰৰে কাণ থাকে৷ আপোনাৰ আগত আপোনাৰ বিশ্বাসী যেন দেখাই পিছত আপোনাৰ ভৱিষ্যৎ পৰিকল্পনাক ধ্বংস কৰিবলৈ উঠি পৰি লাগিব৷ গতিকে কাকো নিজৰ কথা জানিবলৈ নিদিব৷