1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
May 8, 2025, 3:20 am

আপোনাৰ প্ৰিয় কচু শাকৰ উপকাৰিতাৰ বিষয়ে জানি লওঁক!

  • Update Time : Friday, May 10, 2024

খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কচুৰ গুনেই হৈছে খাওঁতাজনক খজুওৱা। কেঁচা কচু গাত লাগিলেতো কথাই নাই। ৰান্ধোতেও টেঙা বা জ্বলা দি ৰন্ধা হয় যাতে ইয়াৰ জালতো কাটি যায়। ঠিক তেনেদৰে ভেকুৰী তিতাৰ লগত বনালে ভেকুৰীৰ তিতাও নথকা হয় আৰু কচুয়েও নখজুৱায়। খাটি অসমীয়াৰ পৰম্পৰাগত খাদ্যৰ তালিকাত কচু শাকৰ ব্যঞ্জনে আগস্থান দখল কৰি আছে৷
কচু শাকৰ উপকাৰিতাৰ বিষয়ে তলত উল্লেখ কৰি দিয়া হৈছে-
. কচু শাক চকুৰ বাবে খুব উপকাৰি৷
. উক্ত ৰক্তচাপ আৰু হাৰ্টৰ ভিন্ন ৰোগৰ বাবে কচু শাক বহু উপকাৰি৷
. কচু শাকত থকা কেলচিয়ামে হাড়ঁ আৰু দাঁত মজবুত কৰি ৰখাত সহায় কৰে৷
. ভিটামিনৰ অভাৱত মুখত ঘাঁ হ’লে কচু খালে সুফল পোৱা যায়৷
. কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme