1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 7:07 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম!

  • Update Time : Monday, July 8, 2024

আমি নিয়মীয়াকৈ লোৱা নখৰ যতনে নখৰ স্বাস্থ্য উন্নত কৰাৰ লগতে হাত দুখনো দেখিবলৈ ধুনীয়া হয়। নখৰ যতন লোৱাটো স্বাস্থ্যসন্মতভাৱে উচিত, কিয়নো, তেনে কৰিলে হাত দুখন চাফা হৈ থাকে বাবে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। আনহাতে আমি যদি দুখন সুন্দৰ হাতৰ কল্পনা কৰোঁ, তেতিয়া তাত নখৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ মহিলাসকলে নখ আকৰ্ষণীয়কৈ ৰাখিব বিচাৰে বাবে নখৰ স্বাস্থ্য ভাল হোৱাটো প্ৰয়োজন।

. নখ কটাৰ আগতে সদায় হাত দুখনৰ আঙুলিকেইটা পানীত তিয়াই ল’ব লাগে। এনে কৰিলে নখ কাটিবলৈ সুবিধা হয়। বজাৰত উপলব্ধ নেইল ফাইলৰ জৰিয়তে নখত ঘঁহাই নখক সুন্দৰ আকাৰ দিব পাৰি।

. সকলোৰে ঘৰত নহৰু সহজলভ্য। এফুটা নহৰু লৈ মাজেৰে দুফাল কৰি লৈ নখৰ ওপৰত ঘঁহিব লাগে। এখন হাতৰ নখত পাঁচ মিনিটমান ঘঁহা উচিত। এনে কৰিলে আপোনাৰ নখ ধুনীয়া হোৱাৰ লগতে হাত দুখনো দেখিবলৈ ধুনীয়া হ’ব৷

. ৰাতি শুবলৈ যোৱাৰ আগতে হাত-ভৰি-নখত সামান্য অলিভ অইল লগাই দহ মিনিটমান মালিচ কৰিব। এনে কৰিলে আপোনাৰ নখকেইটা কেৱল স্বাস্থ্যৱানেই নহ’ব, বৰঞ্চ নখকেইটা উজ্জ্বল হৈ হালধীয়া ভাবো নোহোৱা হ’ব। তিনি চামুচ অলিভ অইল এটা সৰু বাটিত লৈ তাত এচামুচ নেমুৰ ৰস দিয়ক। এতিয়া এই মিশ্ৰণটো সামান্য গৰম কৰি নখকেইটা পাঁচ মিনিটমান ডুবাই ৰাখিব।

. নখ সুস্থ, সুন্দৰ আৰু দীঘল কৰিবলৈ ছয়াবিন, কণী, ব্রকলি, পালং শাকৰ দৰে আয়ৰন সমৃদ্ধ খাদ্য খোৱা প্রয়োজন। যাৰ ফলত আপোনাৰ নখকেইটা উজ্জ্বল হৈ উঠিব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme