1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 12:56 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

আপোনাৰ ওচৰত মিছা কোৱা ব্যক্তি ১ মিনিটত চিনি লওক, কৰক এইকেইটা কাম

  • Update Time : Thursday, February 22, 2024

তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়েই তুমি বিচৰা মতে পৰিণাম পাবা তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজেই পাব নোৱাৰে। গতিকে তোমাৰ কামটো কৰোৱাবলৈ হ’লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে তেওঁ যিটো নিজে পাব নোৱাৰে সেয়া তুমি তেওঁক দিব পাৰিবা। ইয়াক আৰু প্ৰভাৱশালী কৰাৰ দুটা উপায় –

১. তেওঁলোকে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে। মাত্ৰ সিমানেই কয় যিমান আমি জনাটো তেওঁলোকে বিচাৰে‌ ।

২. তেওঁলোকে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে। যাতে ভিৰৰ মাজত নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে।

৩. মানুহৰ ভাৱনাৰ লগত খেলে অৰ্থাৎ নিজৰ সুবিধা মতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে। কিন্তু কেৱল আনক দেখুৱাবলৈ। কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, কেতিয়াবা বন্ধুসুলভ , কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয়, তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব।

৪. সকলো সহানুভূতি পাব বিচাৰে। নিজকে একেবাৰে বেচেৰাৰ দৰে দেখুৱায়। তেওঁলোকৰ বাবে আপোনাৰ সমস্যাৰ মূল্য নাই। এনেকুৱা দেখুৱাব যেন তেওঁৰ সমস্যাতকৈ ডাঙৰ সমস্যা এই সময়ত আৰু একো নাই।

৫. তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণ কৰিব বিচাৰিব যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়। তুমি যিমানেই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ’বা সিমানেই তোমাৰ সুযোগ ল’ব। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁৰ হোৱাটোৱেই বিচাৰে। যাতে সকলোৰে আকৰ্ষণ তেওঁৰ প্ৰতি থাকে। আৰু কথাৰ পাকত পেলায়‌।

৬. চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজতো নিজে কৰে‌। কিন্তু গোটেই শ্ৰেয় নিজেই পাব বিচাৰে।

৭. তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলো। তথ্য উলিয়াই ল’ব আৰু সময়ত তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। নিজৰ ৰহস্য কাৰোবাক কোৱাৰ আগত ১০০ বাৰ ভাবা। কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু হৈছে বিশ্বাস ঘাতক বন্ধু। বন্ধু চিনিবলৈ শিকা।

৮. আধৰুৱা তথ্য দিয়া। চতুৰ মানুহজনে সদায় তোমাক সিমানেই ক’ব যিমান তুমি জানিব লাগে বুলি তেওঁলোকে ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিব আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্ৰেয় লৈ যাব।

৯. নিজৰ কথাত কেতিয়াও স্থিৰ নাথাকে। প্ৰয়োজনত নিজৰ কথাৰ স্থিতি সলনি কৰি দিব।

১০. এনে অভিনয় কৰিব যেন তেওঁ একোৱেই নাজানে। এই পৃথিৱীৰ আটাইতকৈ নিষ্পাপ তেৱেঁই। যদিও সেই মূহুৰ্তত তেওঁ নিৰ্দিষ্ট ঘটনাৰ বিষয়ে সকলো জানিও নজনাৰ ভাও ধৰিব আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব। কিয়নো তেওঁলোকৰ মুখৰ পৰা নোলাবলগীয়া কিবা ওলালে যাতে তুমিহে কৈছিলা বুলি কৈ হাত হাৰিব পাৰে‌ । কামৰ ভাৰৰ পৰা সাৰিবলৈও বহুতে নিষ্পাপ শিশুৰ দৰে থাকিব পাৰে।

১১. আনক দোষ দিয়া আৰু আনৰ ওপৰত কাম জাপি দিয়াৰ চেষ্টা। মই নাজানো বুলি কৈ হাত সাৰিব খুজে‌ । বিপদৰ সময়ত নিজৰ ভুলৰ দোষ আশৰ ওপৰত জাপি দিয়ে।

১২. সদায় মিছা প্ৰশংসা কৰিব যেতিয়ালৈকে তেওঁৰ কাযটো হৈ নাযায়। এবাৰ কাম হৈ যোৱাৰ পিছত সেই একেজন মানুহৰে বদনাম গাই ফুৰিব।

১৩.তোমাৰ নিৰ্ণয়ত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। তোমাৰ বিশ্বাস জয় কৰি লোৱাৰ পিছত তোমাৰ নিৰ্ণয় তেওঁ নিজে লোৱাৰ চেষ্টা কৰে। আৰু এইটো প্ৰমাণ কৰিব যে তোমাৰ বাবে একেবাৰে সঠিক সিদ্ধান্ত লৈছে‌ । কিন্তু আচলতে তাৰ লাভ সেই চতুৰ জনৰহে হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme