1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:42 pm

আপোনাৰো মুখত পৰিছে নেকি ক’লা দাগ? অৱলম্বন কৰক এইকেইটা উপায়

  • Update Time : Friday, May 3, 2024

নিজকে সুন্দৰ কৰি ৰখাটো আমাৰ প্ৰধান কাম। কিন্তু নিজকে সুন্দৰ আৰু সতেজ কৰি ৰাখিবলৈ যাওঁতেও বহু সমস্যাৰ সন্মুখীন হওঁ। বহু সময়ত দেখা যায় যে আমাৰ মুখত ক’লা দাগ পৰে।
এই ক’লা দাগ সমূহ ভাল কৰিবলৈ আমি ভিন্ন উপায় অৱলম্বন কৰোঁ কিন্তু তথাপি আমি সুফল নাপাওঁ। এনে ক্ষেত্ৰত আমি ঘৰুৱা পদ্ধতি কিছুমান অৱলম্বন কৰিব পাৰোঁ।
১. মুখৰ কলা দাগ আঁতৰাবলৈ আপুনি এলভেৰাৰ সহায় লব পাৰে। এলভেৰাই মুখৰ কলা দাগ আঁতৰোৱাত যথেষ্ট সহায় কৰে।
২. আমি খাবলৈ ব্যৱহাৰ কৰা চাহ অলপ গৰম পানীত চাকনিৰে চাকি সেই পানীখিনি অলপ অলপকৈ কপাহত আপোনাৰ মুখত থকা ক’লা দাগ সমূহত লগাব পাৰে।
৩. বিলাহীৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হয়। বিলাহীৰ পেষ্টটোৰ সৈতে দুটোপাস অলিভ অইল মিহলাই লব।
৪. মচুৰ দালিৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।

এই সহজ উপায় কেইটাৰ পৰা সুফল পাবলৈ আপুনি এমাহ মান কৰিব। ছালখন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ ছালৰ যত্ন লোৱাটো খুব প্ৰয়োজন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme