1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 17, 2025, 1:24 pm

আপোনাৰো চেলাউৰি পাতল নেকি? তেন্তে এইকেইটা উপায়েৰে চেলাউৰি ডাঠ কৰক!

  • Update Time : Saturday, May 4, 2024

মুখৰ সৌন্দৰ্যত চকুৰ লগতে চেলাউৰিয়েও মুখ্য ভূমিকা লয়৷ চেলাউৰি নহ’লে চকুৰ সৌন্দৰ্যও ম্লান পৰে৷ সেইবাবে আজিকালি সকলোৱে বিভিন্ন প্ৰসাধন ব্যৱহাৰ কৰি চেলাউৰিক আকৰ্ষণীয় কৰি তোলা দেখা যায়৷ আমি বিভিন্ন প্ৰাকৃতিকভাৱে যতন লৈও চেলাউৰিক আকৰ্ষণীয় আৰু ডাঠ কৰিব পাৰোঁ৷ আজিকালি বহু মহিলাৰে চেলাউৰি পাতল হৈ পৰিছে।ইয়াৰ কাৰণ হৈছে শৰীৰত পুষ্টিৰ অভাৱ, অটোইমিউন ৰোগ, সঘনাই চেলাউৰি ঘঁহি থকা। আপুনি কিছু ঘৰুৱা কিছু কামেৰে পাতল চেলাউৰি ডাঠ কৰিব পাৰে৷
(১) নাৰিকল তেল অলপ গৰম কৰি চেলাউৰিত মালিচ কৰিব লাগে৷ গোটেই ৰাতি তেনেকৈ লগাই থৈ ৰাতিপুৱা ধুই দিব লাগে৷
(২) কেষ্টৰ অইলে চুলি গজাত যিহেতু সহায় কৰে, সেয়ে আঙুলিত কেইটোপালমান কেষ্টৰ অইল লৈ চেলাউৰিত মালিচ কৰি আধা ঘণ্টা পাছত কুহুমীয়া পানীৰে ধুই দিব লাগে৷
(৩) অলিভ অইলত ভিটামিন-এ আৰু ভিটামিন-ই থাকে, যিয়ে চেলাউৰি ডাঠ কৰাত সহায় কৰিব পাৰে৷ ইয়াৰ কাৰণে কেইটোপালমান অলিভ অইল লৈ মালিচ কৰিব লাগে৷ পাছত ধুই পেলাব লাগে৷
(৪) পিঁয়াজৰ ৰস চেলাউৰিত লগাই কেইঘণ্টামান ৰাখি কপাহ পাতলকৈ নেমু ৰসত ভিজাই চেলাউৰিত মচি দিব লাগে৷
(৫) কপাহ গাখীৰত ভিজাই চেলাউৰিত লগাই মালিচ কৰি পোন্ধৰ মিনিটমানৰ পাছত ধুই দিব লাগে৷
(৬) এলোভেৰাৰ জে’ল চেলাউৰিত লগাই মালিচ কৰিব লাগে৷
(৭) ৰাতি মেথিগুটি ভিজাই থৈ পুৱা সেইখিনি পিহি চেলাউৰিত আধা ঘণ্টামান লগাই ধুই দিব লাগে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme