ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱেয়ে যাত্ৰী সকলৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ হাতত লৈছে। দেশত হ্ৰাস হোৱা কৰোনা ভাইৰাছৰ পিছত ডিজিচিএ-য়ে ২৭ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে দীৰ্ঘদিনৰ পিছত ৰে’ল মন্ত্ৰাণালয়ে ভাৰতীয় ৰে’ল সমূহত অসংৰক্ষিত ডবা স্থাপন কৰিব। ৰে’লৱেৰ এই পদক্ষেপৰ দ্বাৰা লাভাম্বিত হব যাত্ৰীসকল কাৰণ হ্ৰাস হব টিকটৰ মূল্য। ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হোৱা হেতুকে, ইয়াৰ সুৰক্ষাৰ বাবে ২০২০ বৰ্ষৰ ২৩ মাৰ্চৰ পৰা ৰিজাৰ্ভ কোচ ৰে’লৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হোৱা হৈছিল।
এতিয়া যাত্ৰীসকলে আগতীয়াকৈ টিকত বুক নকৰাকৈয়ে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব, আৰু ভ্ৰমণৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ কমি যাব। এই সুবিধা উপলব্ধ হোৱাৰ পিছৰে পৰা যাত্ৰীসকলে ষ্টেচনতে ক্ৰয় কৰিব পাৰিব টিকট। সুবিধা সমূহ উপলব্ধ হোৱাৰ পিছৰে পৰা ৰে’ল সমূহত পূৰ্বৰ তুলনাত বেছি ভিৰ হোৱাৰ আশা কৰিছে ৰে’ল মন্ত্ৰাণালয়ে। ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত ঠাণ্ডা আৰু কুঁৱলী বৃদ্ধি হোৱাৰ বাবে উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত যোৱা কেইবাখনো ৰে’ল বাতিল কৰা হৈছিল। কিন্তু এতিয়াৰ পৰিস্থিতি কিছু শিথিল হোৱা বাবে এই ৰেলসমূহ ১ মাৰ্চৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে। ৰে’ল সমূহ পুনৰ চলাচলত যাত্ৰীসকল যথেষ্ট লাভাম্বিত হ’ব।