আপুনি ঘৰতে বহি আপোনাৰ চিম BSNL লৈ অনলাইনত পৰ্ট কৰিব পাৰে ব্যক্তিগত কোম্পানীয়ে ৰিচাৰ্জ প্লেন ব্যয়বহুল কৰাৰ পিছত বহুতে BSNL লৈ পৰ্ট কৰিব বিচাৰে আৰু ইয়াৰ বিষয়ে তথ্য বিচাৰিছে, আনহাতে হাজাৰ হাজাৰ লোকে পায় আপুনি এটা সহজ প্ৰক্ৰিয়াৰ যোগেদিও আপোনাৰ নম্বৰ পৰ্ট কৰিব পাৰে। চলিত মাহৰ আৰম্ভণিতে ব্যক্তিগত টেলিকম কোম্পানীসমূহে তেওঁলোকৰ ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰিছে যাৰ বাবে ব্যৱহাৰকাৰীসকলে এতিয়া সস্তীয়া ৰিচাৰ্জৰ বাবে BSNL চিম কৰিব বিচাৰিছে৷ BSNLয়ে নিজৰ গ্ৰাহকক সস্তীয়া ৰিচাৰ্জ প্লেন অহৰহ প্ৰদান কৰি আছে, সেয়েহে মানুহে ক্ৰমান্বয়ে BSNL চিম ব্যৱহাৰ লকৰিব বিচাৰিছে। Jio Airtel ৰ পৰা BSNL লৈ পৰ্টিঙ কৰিব বিচাৰিছে যদি অতি শীঘ্ৰেই কৰি লওঁক এই প্ৰক্ৰিয়া৷ Jio বা Airtel ৰ পৰা BSNL লৈ পৰ্ট কৰিবলৈ আপুনি 1900 লৈ SMS প্ৰেৰণ কৰি পৰ্টৰ অনুৰোধ কৰিব লাগিব। ইয়াৰ বাবে আপোনাৰ ফোনটোৰ মেছেজ বক্সটো খুলি তাত PORT লিখি,মোবাইল নম্বৰ লিখি তাৰ পিছত ১৯০০ লৈ পঠাব লাগিব। ইয়াৰ পিছত আপুনি SMS ত এটা বিশেষ পৰ্টিং ক’ড লাভ কৰিব যিটো ১৫ দিনৰ বাবে বৈধ হ’ব, ইয়াৰ পিছত আপুনি এই ক’ড লৈ আপোনাৰ ওচৰৰ BSNL সেৱা কেন্দ্ৰলৈ যাব লাগিব৷ ইয়াৰ পিছত আপুনি পৰ্টিং ক’ড আৰু আধাৰ কাৰ্ড সেৱা কেন্দ্ৰত দিব লাগিব ইয়াৰ পিছত আপোনাক এটা নতুন BSNL চিম দিয়া হ’ব পাৰে আপুনি প’ৰ্টৰ বাবে কিছু টকা দিব লাগিব। চিম পৰ্টিং অনুমোদন হোৱাৰ লগে লগে আপোনাক BSNL চিম পৰ্টিঙৰ তাৰিখ আৰু সময়ৰ বিষয়ে অৱগত কৰা হ’ব, তাৰ পিছত উক্ত তাৰিখ আৰু সময়ত আপোনাৰ BSNL চিম কাৰ্ড সক্ৰিয় হ’ব। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ নতুন নিয়ম অনুসৰি নতুন টেলিকম অপাৰেটৰলৈ স্থানান্তৰিত হোৱাৰ বাবে চিম কাৰ্ডখন পৰ্ট হ’বলৈ ৭ দিন সময় লাগিব।