1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:26 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমীয়া ছবি ‘তুমি মালালাʼ…

  • Update Time : Wednesday, November 17, 2021

ডিজিটেল ডেস্কঃ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈ পৰিচালিত আৰু সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত সাতখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে ছবিখন।
‘তুমি মালালা’ই পাঁচখন আন্তৰাষ্ট্ৰীয় মহোৎসৱতে খিতাপো লাভ কৰিবলৈ সক্ষম হৈছে।

গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰাৰ উপৰিও কাহিনী শিতানতো বঁটা লাভ কৰে। আনহাতে ডাৰ্ক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে ব্যাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা লাভ কৰে। DIFT, Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival-21 তো পাৰদৰ্শিতা বঁটা লাভ কৰে ছবিখনে।

এন আৰ চি সৃষ্ট অসমৰ পৰিস্থিতি, শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি নিৰ্মাণ কৰা হৈছে। ছবিখনৰ চিত্ৰনাট্যকাৰ হিচাঁপে আছে অভিস্কা ফুকন। মুখ্য সহঃ পৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু প্ৰডাকচন মেনেজাৰ অনন্ত বৰা। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰিছে কৰেলল চলচ্চিত্ৰ মহোৎসৱৰ বিচাৰক মণ্ডলীয়ে। ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে। আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme