সাম্প্ৰতিক সময়ত সকলো কামতে আধাৰ কাৰ্ডৰ ব্যৱহাৰ অনিবাৰ্য, বিভিন্ন ক্ষেত্ৰত বিভিন্ন কামত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা থাকে। কিন্তু ইণ্টাৰনেটৰ সুবিধা লাভৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব আধাৰ কাৰ্ড। লেহেমীয়া ইণ্টাৰনেটৰ বাবে অসুবিধা পাইছে আৰু ছুপাৰ-ফাষ্ট স্পীডৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, চেটেলাইট ইণ্টাৰনেট সেৱাৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ কৰা হৈছে। নতুন নিয়মৰ অধীনত এই দ্ৰুতবেগী ইণ্টাৰনেটৰ সুবিধা ল’বলৈ এতিয়া আধাৰ কাৰ্ড প্ৰয়োজন হ’ব। অৰ্থাৎ যিসকল নাগৰিকৰ আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ নকৰিব চেটেলাইট ইণ্টাৰনেটৰ সুবিধা। ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে ভাৰতত এক বিশেষ সেৱা আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াৰ বাবে ষ্টাৰলিংকে ভাৰতত থকা গ্ৰাহকৰ পৰিচয় পৰীক্ষণৰ বাবে আধাৰ কাৰ্ড গ্ৰহণ কৰিছে। এতিয়া ষ্টাৰলিংকৰ পৰা চেটেলাইট ইণ্টাৰনেট সংযোগ লাভ কৰিব বিচৰা ব্যৱহাৰকাৰীসকলে আধাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক। কোম্পানীটোৱে সমগ্ৰ দেশতে দ্ৰুতবেগী ইন্টাৰনেটৰ ব্যৱস্থা কৰিব বিচাৰিছে। বিশেষকৈ গাঁও আৰু টায়াৰ-৩ চহৰত য’ত এতিয়াও ইণ্টাৰনেটৰ গতি অতি লেহেমীয়া।
আধাৰ পৰীক্ষণ কিয় প্ৰয়োজন?
আধাৰ পৰীক্ষণৰ আঁৰৰ কাৰণ হৈছে স্বচ্ছতা আৰু নিৰাপত্তা। ভাৰতত আধাৰক এক অনন্য পৰিচয় হিচাপে গণ্য কৰা হয়, যাৰ বাবে ভুৱা গ্ৰাহক আৰু ভুৱা ঠিকনাৰ সম্ভাৱনা প্ৰায় নগণ্য।
আধাৰ ভেৰিফিকেচন বিচাৰিছে চৰকাৰে
ইণ্টাৰনেটৰ ব্যৱহাৰ যাতে সদায় সঠিকভাৱে হয় বা সঠিক লোকে ব্যৱহাৰ কৰে তাৰ বাবেও চৰকাৰে চেষ্টা কৰিছে। আধাৰ পৰীক্ষণে চৰকাৰক তথ্য সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব। একে সময়তে ষ্টাৰলিংকৰ জৰিয়তে গ্ৰাহক ব্যৱস্থাপনা অতি সহজ হৈ পৰিব আৰু যিকোনো ধৰণৰ জালিয়াতি ৰোধ কৰিব পাৰিব।