ডিজিটেল ডেস্কঃ দেশজুৰি ভূৱন বাদ্যকৰৰ কেঁচা বাদামৰ চৰ্চাৰ পিছত, এইবাৰ চৰ্চালৈ আহিছে কেঁচা জলকীয়া। কেঁচা জলাকীয়াই ঘূৰালে এগৰাকী ব্যক্তিৰ ভাগ্যৰ চকৰি। শূন্যৰ পৰা কেনেকৈ কোটিপতি হ’ব পাৰি? ফুটপাথত জলকীয়া বিক্ৰী কৰি জীৱন অতিবাহিত কৰা বাক্সাৰ দিলীপ ব্ৰহ্মৰ জীবন সৎগ্ৰামৰ কথা শুনিলে আচৰিত হব আপুনি। সৰুতেই পিতৃহাৰা হৈ দিলীপ ব্ৰহ্মই দায়িত্ব ল’ব লগা হৈছিল নিজ পৰিয়ালৰ। ৰাতিপুৱাতে গৰুহাল লৈ পথাৰলৈ হাল বাবলৈ যায় আৰু গধুলি পথৰ দাতিত জলকীয়া বিক্ৰী কৰি পোহপাল দিয়ে পৰিয়ালটোক। জলকীয়া বিক্ৰীৰ লাভাংশৰ এটকা দুটকাকৈ জমা কৰি গৈছিল দিলীপ ব্ৰহ্মই। এসময়ত জমা ধনেৰে চাংসাৰিত খুলিলে ট্ৰেডিচনেল খাদ্যৰ হোটেল। বাজৈ হোটেলৰ ব্যবসায়ে সদাগৰ হোৱাৰ বাট প্ৰশস্ত কৰিলে দিলিপ ব্ৰহ্মক। চাংসাৰিৰ পিছত পাঠশালা আৰু ডোৰা কহঁৰাত খুলিলে হোটেল।
আজি চাংসাৰি ডোৰা কঁহৰাত বাজৈ এক নামৰ দ্বিতীয়খন হোটেল মুকলি কৰে চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰুণ তালুকদাৰে। বৃহৎ ট্ৰেডিচনেল হোটেল ৰেষ্টোৰা মুকলি কৰি উৎফুল্লিত দিলীপ ব্ৰক্ষ্ম। হোটেল ব্যবসায়ৰে এশজন লোকক সংস্থাপন দিছে দিলীপ ব্ৰহ্মই৷ লগতে তেঁও জনায় যে ‘‘আত্ম বিশ্বাস, একাগ্ৰতা আৰু সৎ হ’লে মানুহে এদিন নহয় এদিন নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। আন্দোলনকাৰীসকললৈ দিলীপ ব্ৰহ্মৰ অনুৰোধ ‘‘আন্দোলনৰে নহয়, কৰ্ম সংস্কৃতিৰেহে নিজৰ জাতি ৰক্ষা কৰিব পাৰি৷ আন্দোলন কৰিলে ক্ষতিহে হয়, প্ৰগতি নহয়। মোৰ লগত আহক, মই শিকাম ব্যবসায় কেনেকৈ কৰে। সঁচাকৈয়ে কৰ্ম সংস্কৃতিয়েহে জাতিৰ ভবিষ্যত গঢ়ে। এইগৰাকী দিলীপ ব্ৰহ্মৰ ব্যবসায়িক সফলতাই আন বহুতৰে আদৰ্শ হ’ব পাৰে।