অসম যুৱ পৰিষদৰ উদ্যোগত বানাক্ৰান্তক কৃষক সকলক সকাহ দিয়াৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ ন”লোনপুৰীয়া গাঁৱত সমূহীয়াকৈ প্ৰায় তিনি বিঘা মাটিত কঠীয়া সিঁচা হয় ।
এই কঁঠীয়া সমূহ শিৱসাগৰ জিলাৰ বাণ বিধ্বস্ত অঞ্চল সমূহৰ কৃষক সকলক অসম যুৱ পৰিষদৰ তৰফৰপৰা যোগান ধৰা হ’ব। ইয়াৰ লগতে আজি অসম যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ উদ্যোগত নামতি ন”লোনপুৰীয়া গাঁৱৰ খৰঙীয়া পথাৰত নভূঁই ৰোৱা পৰ্ব অনুষ্ঠিত কৰা হয়।
নামতি ন’লোনপুৰীয়া’ গাঁৱৰ খৰঙীয়া পথাৰত দেখা যায় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰভাৱত অসমীয়া গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব ধৰা এখন নিভাঁজ ছবি। ট্ৰেক্টৰৰ বিপৰীতে গোহালিৰ গৰুহাল লৈ হালবাই মাটি চহাই নভূঁই অনুষ্ঠিত কৰে নামতি ন” লোনপুৰীয়া গাঁৱৰ চহা কৃষক ৰাইজে । সংবাদদাতা ৱাকিল আহমেদৰ তথ্য় অনুসৰি আজি কঁঠীয়া সিঁচা লগতে নভূঁই ৰোৱা পৰ্বত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা উপস্থিত থাকি নিজেই হালবাই, কঁঠীয়া সিঁচাৰ লগতে নভূঁই ৰুই ৰাইজক উৎসাহ যোগোৱা লগতে অসমৰ নৱপ্ৰজন্মক কৃষি কৰ্মত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।