ডিজিটেল ডেস্কঃ শনিবাৰে APDCLয়ে টুইটযোগে কৰিলে বিশেষ আহ্বান জনায়, শনিবাৰে নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বিদ্যুতৰ চুইচ বন্ধ ৰাখিবলৈ বিশেষ আহ্বান৷ APDCLয়ে বিশেষ কাৰণৰ বাবে লয় এই সিদ্ধান্ত৷ আজি সমগ্ৰ বিশ্বত পালন কৰা হ’ব ‘‘ধৰিত্ৰী ঘন্টা’’ (EARTH HOUR)৷ ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ এঘন্টাজোৰা পৰিহাৰৰ আহ্বান৷ শনিবাৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব ‘‘ধৰিত্ৰী ঘন্টা’’৷ APDCLয়ে এই সময়ছোৱাত সকলো লাইট বন্ধ কৰিবলৈ অনুৰোধ কৰে লগতে এঘন্টা সময়খিনিত কেৱল প্ৰয়োজনীয় লাইটসমহে জ্বলাবলৈ আহ্বান জনায়৷