1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:41 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

  • Update Time : Friday, March 8, 2024

নাৰী সকলৰ ত্যাগ, ধৈৰ্য্য, আত্মবলিদান তথা সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ স্বীকৃতিৰ প্ৰতি উৎসৰ্গিত এটা দিন৷ হিন্দু শাস্ত্ৰ তথা ৰীতি-নীতিত নাৰীক সদায় উচ্চ স্থান দিয়া হৈছে৷ প্ৰতিবছৰে ৮ মাৰ্চত উদযাপন কৰা এই দিনটো বিশ্বৰ মহিলাসকলে তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ লোৱা এক যাত্ৰা৷
নাৰী অনন্য! নাৰী অবিহনে সকলো আধৰুৱা৷ বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে এগৰাকী নাৰীয়ে৷ কেতিয়াবা যদি জীয়াৰী, পত্নী, কেতিয়াবা ভগ্নী, মাতৃ৷ নাৰী শব্দটো শুনিবলৈ যদিও সৰু ঠিক তেনেকৈ নাৰী শব্দৰ পৰিধি বহল৷ নাৰী ত্যাগ, দয়া, সাহসৰ প্ৰতিমূৰ্তি৷ নাৰীৰ মহাশক্তিয়ে যুগে যুগে আমাৰ সমাজখনক শক্তিশালী কৰি আহিছে৷ এই বিশেষ দিনটোত আন্তৰিকতাৰে কামনা কৰিছোঁ, প্ৰতিগৰাকী নাৰীৰ বাবে সমাজৰ প্ৰতিখন ক্ষেত্ৰ সুৰক্ষিত আৰু মৰ্যাদাসম্পন্ন হওঁক৷
আমাৰ সমাজত নাৰীৰ স্থান বহু উৰ্ধত যদিও কিছু কিছু ক্ষেত্ৰত নাৰীক অৱহেলিতও দেখা যায়৷ সমাজৰ ব্যাধি বাল্য বিবাহ, ডাইনী হত্যা, যৌতুক প্ৰথা, ধৰ্ষণ আদি ভিন্ন ব্যাধিৰ কবলত পৰি বহু নাৰী আজি নিৰ্যাতিতা৷ নাৰী দিৱসৰ দিনা নাৰীৰ ওপৰত ভাষণ প্ৰদান কৰি নাৰীৰ গুণ গৰিমাৰ বিষয়ে কৈ
দায়িত্ব সামৰিলে নহব৷ নাৰীৰ আত্মঅভিমান, মমতাৰ মৰ্যাদা দিবলৈ শিকক, নাৰীক সন্মান কৰক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme