১) বিজু ফুকনৰ জন্ম হয় ১৯৪৭ চনত ডিব্ৰুগড় জিলাত। বিজু ফুকনৰ জন্মগত নাম আছিল বিজয় ফুকন। চলচ্চিত্ৰজগতলৈ অহাৰ পাছত তেখেতে ঘৰত মতা নাম ‘বিজু’-ৰে নিজৰ চিনাকি দিয়ে।
২) বিজু ফুকন এগৰাকী সুদক্ষ কংগো বাদক আছিল।
৩) ১৯৬৪ চনত ‘দ্য কুইভাৰ্ছ’ নামৰ এটা বাদ্যযন্ত্ৰীৰ দলত বাদ্য সংগত কৰিছিল বিজু ফুকনে।
৪) ‘ডক্তৰ বেজবৰুৱা’ৰ ছবিখনৰ জনপ্ৰিয় গীত ‘জিলিকি জিলিকা তৰা আকাশৰে…’ গীতটিত বাদ্যযন্ত্ৰীৰ দলটোৰ অন্যান্য শিল্পীসকলৰ সৈতে বিজু ফুকনেও এভুমুকি মাৰিছিল৷
৫) ১৯৭০ চনত নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰি নায়ক হিচাপে অসমৰ চিনে উদ্যোগত আত্মপ্ৰকাশ কৰে৷
৬) অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰিছে প্ৰয়াত বিজু ফুকনে। আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত অভিনয় কৰিছিল বিজু ফুকনে৷
৭) ৮০-ৰ দশকতেই বিজু ফুকনে চলচ্চিত্ৰ পৰিচালনাত হাত দিয়ে। বিজু ফুকনৰ দ্বাৰা পৰিচালিত ‘ভাই-ভাই’ ছবিখন ব্যৱসায়িক ভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল।
৮)বিজু ফুকনে গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ বাবে ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত দেউতা নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল৷
৯) বিজু ফুকনে ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এই নিৰ্বাচনত পৰাজিত হৈছিল বিজু ফুকন
১০) অসমীয়া ছবিৰ লগতে চাৰিখনকৈ বঙালী ছবিত অভিনয় কৰিছিল বিজু ফুকনে৷ হোটেল শ্বোফক্স, অপৰাজিত, দস্যু ৰত্নাকৰ, গজমুক্তা আদৰি দৰে বাঙালী ছবিত অভিনয় কৰিছিল বিজু ফুকনে