ডিজিটেল ডেস্কঃ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ শিৱিৰৰ। বুধবাৰে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ প্ৰদেশ কংগ্ৰেছৰ তিনিদিনীয়া বিধায়ক কৰ্মশালাৰ। ৰাজ্যখনৰ প্ৰায় সাত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা “আকৌ নতুন প্ৰভাত হ’ব” শীৰ্ষক প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিং।
বিধায়ক কৰ্মশালাত দলীয় পতাকা উত্তোলন কৰি সভাপতি ভূপেন কুমাৰ বৰাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কংগ্ৰেছ পৰিয়ালৰ সমূহ প্ৰতিনিধিক শিৱিৰলৈ আদৰণি জনায় আৰু ঐক্যবদ্ধ হৈ অনাগত দিনত পুনৰ দলৰ ভেটি অধিক শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ তত্ত্বাবধানত অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে বক্তব্য দাঙি ধৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক শ্ৰীজিতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছৰ সমুখত যি প্ৰত্যাহ্বান আহি পৰিছে তাক সাহসেৰে মোকাবিলা কৰিব লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিব লাগিব। তেওঁ কয় যে, অসমৰ বিগত নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছে যদিও প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল। “আমি হাৰিও জিকিছোঁ” বুলি কয় জীতেন্দ্ৰ সিঙে। লগতে কংগ্ৰেছৰ জয় আৱশ্যম্ভী বুলিও কয় নেতা গৰাকীয়ে।
আনহাতে উদ্বোধনী সভাত আদৰণি বক্তব্য দাঙি ধৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় “মই বা দলৰ যিকোনো বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কথা কওঁতে দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা কোৱা উচিত নহয়।” বিষয়ববীয়াই নিজা বক্তব্য বুলি কৈ কোনো বিতৰ্কিত মন্তব্য আগবঢ়াব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে ‘কা’ৰ বিৰোধীতাৰে হোৱা আন্দোলনক সমৰ্থন কৰিছিল আৰু ভৱিষ্যতেও ‘কা’ আইনখনৰ বিৰোধ কৰি যাব। লগতে ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা ১৭ তাৰিখলৈ অনুষ্ঠিত হ’ব বুলিও জনালে দলটোৰ বিষয়ববীয়াসকলে।
উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে বিজেপিয়েও বিধায়ক সকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰিছিল। মুম্বাইত অনুষ্ঠিত হৈছিল এই কৰ্মশালাখন। আৰু তাৰ পিছতেই এতিয়া কংগ্ৰেছেও কৰ্মশালাৰ আয়োজন কৰাত কংগ্ৰেছেও বিজেপিৰ কাৰুকাৰ্যকে অনুসৰণ কৰা বুলিও মন্তব্য কৰিছে একাংশ নেটিজেনে।