1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:20 am

অৱশেষত কেটৰিণাৰ বিবাহ! কেনেদৰে সাজু হৈছে বিকী কৌশাল…

  • Update Time : Thursday, November 11, 2021

ডিজিটেল ডেস্কঃ বিবাহত বহিব বলীউডৰ বহুকেইটা হেভিৱেট যুটি৷ বলিউডত এখন পিছত আনখন হেভীৱেট বিয়া৷ শেহতীয়াকৈ সমগ্ৰতে চৰ্চা চলিছে এখন বিশেষ বিবাহৰ৷ অভিনেত্ৰী কেটৰিণা কাইফ আৰু অভিনেতা বিকী কৌশলৰ বিবাহ৷ কম সময়তে বহু লোকৰ জনপ্ৰিয় যুটি হৈ পৰিছে বিকী-কেটৰ যুটি৷ বিকী-কেটৰ বিবাহৰ খবৰে খলকনি তুলিছে সমগ্ৰ দেশতে৷ বিকী-কেটৰ বিবাহৰ খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই উৎসাহিত হৈ পৰিছে অনুৰাগীসকলো৷

বিকী কৌশলে কেটৰিণাৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাৰ পূৰ্বে হাৰলীন চেঠীৰ সৈতে আছিল৷ তেওঁলোকৰ সম্পৰ্কৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল বিকী-হাৰলীনে৷ পিছে বিকী-হাৰলীনৰ যুটি স্থায়ী নহ’ল৷ ২০১৯ চনলৈকে থকা এই সম্পৰ্কত ফাঁট মেলিল৷ ফিল্ম ‘উৰী’ৰ দ্ধাৰা বিকীয়ে বলিউডত নিজৰ পৰিচয় তুলি ধৰিছিল৷ ‘উৰী’ৰ প্ৰমোচনৰ সময়লৈকে বিকীৰ প্ৰাক্তন প্ৰেমীকা হাৰলীনক দেখা গৈছিল বিকীৰ সৈতে৷ কিন্তু ইয়াৰ পিছতে লাহে লাহে দুয়োজনৰ মাজৰ সম্পৰ্কত দূৰত্ব বাঢ়িল৷

অভিনেতা বিকী কৌশলৰ সমান্তৰালকৈ অভিনেত্ৰী কেটৰিণা কাইফৰো পূৰ্বে বহুকেইজন অভিনেতাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল৷ কেটৰিণাৰ প্ৰথম প্ৰেমিক আছিল অভিনেতা চলমান খান৷ ৭ বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত দুয়োজনে দুয়োৰে পৰা দুৰত্ব বিচাৰে, এনেকৈয়ে অনুৰাগীৰ মনৰ পৰাও কেট আৰু ভাইজানৰ যুটিতো হেৰাই যায়৷ কিন্তু প্ৰেমৰ সম্পৰ্কত নাথাকিলেও বৰ্তমানো এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলিছে চলমান-কেটৰিণাই৷

উল্লেখ্য যে অতীতৰ সকলো স্মৃতি সামৰি কেট-বিকী সাজু হৈছে বৈবাহিক জীৱন এটাক আদৰি ল’বৰ বাবে৷ যদি সকলো ঠিকে-ঠাকে থাকে তেন্তে এই বৰ্ষৰ ডিচেম্বৰত বিবাহ পাশত আবদ্ধ হ’ব বিকী-কেটৰিণা৷ ইতিমধ্যে কেটৰ বাবে বিবাহৰ পোছাকো সাজু কৰি থকা হৈছে বুলি একাংশ নেটিজেনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme