এদিন অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, ‘হে কেশৱ, আমাৰ ঘৰলৈ বা আমাৰ কাষলৈ অতিথি অহাটো স্বাভাৱিক, কিন্তু মই বুজি নাপাও আমাৰ কাষলৈ অতিথি অহাৰ কাৰণ কি, কাৰক নোহোৱাকৈতো অতিথি নাহে, লগতে মোক বুজাই দিয়া কোন কোন অতিথিক কি কি ধৰণে ব্যৱহাৰ কৰা উচিত?’ অৰ্জুনৰ প্ৰশ্ন শুনি মিচিকিয়াই হাঁহি তেতিয়া শ্ৰীকৃষ্ণই ক’লে, ‘হে পাৰ্থ, আমাৰ জীৱনত এনে বহু মুহূৰ্ত আহে যেতিয়া আমি কাৰোবাৰ কাষলৈ যাব লগা হয়, বা কোনোবা আমাৰ কাষলৈ আহিব লগা হয়, দৰাচলতে জীৱনত লগ পোৱা প্ৰতিগৰাকী ব্যক্তিকেই তুমি অতিথি বুলি জ্ঞান কৰিব লাগিব৷ অতিথিৰ সম্মান ৰখাৰ পূৰ্ৱে সদায় কেইটামান কথা স্মৰণ ৰখা অতিকৈ আৱশ্যক । যদি কোনোবাই তোমাক অতিথি হিচাপে সাক্ষাৎ কৰিবলৈ আহে তাৰ মুখ্যত তিনিটা কাৰণ হ’ব পাৰে, সেয়া হ’ল সান্নিধ্য ,সহায় আৰু প্ৰভাৱ। অতিথিয়ে তোমাৰ ওচৰলৈ অহা উদ্দেশ্যক লৈ হে অতিথিজনক যথোচিত সম্মান দিয়া উচিত। যদিহে অতিথি তোমাৰ সান্নিধ্যৰ বাবে আহিছে তেনেহ’লে অতিথিক তোমাৰ প্ৰেমৰ প্ৰয়োজন। যদি কোনো অতিথি তোমাৰ কাষলৈ সহায়ৰ বাবে আহিছে তেনেহ’লে সিমানখিনি সহায় কৰা উচিত যিমানখিনি সহায় তুমি কৰিবলৈ সক্ষম হোৱা। যদি কোনো অতিথি তোমাৰ প্ৰভাৱত আহিছে তেতিয়াহ’লে নিজকে অভিমান নকৰিবা কাৰণ মানৱ জীৱনত সান্নিধ্য, সহায় আৰু প্ৰভাৱৰ চক্ৰ অবিৰত চলি থাকে।’