এদিন তৃতীয় পাণ্ডৱ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, ‘হে কেশৱ এগৰাকী ব্যক্তিৰ প্ৰতিভা আৰু সুনামৰ পতন কেতিয়া ঘটে?’ অৰ্জুনৰ প্ৰশ্ন শুনি তেতিয়া ভগৱান শ্ৰীকৃষ্ণই স্বভাৱ সুলভভাৱে ক’লে, প্ৰিয় পাৰ্থ, যেতিয়া এগৰাকী ব্যক্তিৰ মনত অহংকাৰ, ঈৰ্ষা আৰু কু-অভিপ্ৰায় সম্পূৰ্ণৰূপে থিতাপি লয়, তেতিয়াই সেই ব্যক্তিজনৰ পতন নিশ্চিত৷ মানুহ সফল হ’ব পাৰে কিন্তু সেই সফলতাক লৈ সংশয়বোধ জন্মিলেও মানুহৰ পতন নিশ্চিত, সেয়া যিমানেই সফল ব্যক্তি নহওঁক কিয়? এতেকে নিজৰ স্থিতি বা পদ মৰ্যদাক লৈ যিয়ে সংশয়বোধ কৰে আৰু নিজৰ সফলতাক লৈ মনত অহংকাৰ, ঈৰ্ষাৰ লগতে আনৰ প্ৰতি কু-অভিপ্ৰায় ৰাখে তেনে ব্যক্তি সফল হ’ব পাৰে কিন্তু পতন নিশ্চিত৷’