অহংকাৰ কিয় ইমান! এইখন পৃথিৱীৰ প্ৰতিজন মানুহেইটো খাই-বয়, বস্ত্ৰ পৰিধান কৰি জীয়াই আছে৷ তেন্তে কোনোবাই দামী কাপোৰ পৰিধান কৰা আৰু সস্তীয়া কাপোৰ পৰিধান কৰাৰ পাৰ্থক্য ক’ৰ পৰা আহে? কোনোবাই যদে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে তেন্তে কোনোবাই দামী ৰেষ্টোৰেন্টত গৈ প্ৰিয় খাদ্য খাইছে৷ কোনোবাই পাৰিছে খাইছে কোনোবাই পৰা নাই খোৱা নাই তেনে স্থলত দুখীয়াক সেইবোৰক লৈ হঁহাৰ অধিকাৰ কোনে দিলে? একাংশ এনে লোক আছে যিয়ে আনক নিজৰ সৈতে তুলনা কৰে৷ এই ধৰক কোনোবাই তেওঁতকৈ কমদামী কাপোৰ পিন্ধিছে তাতো হাহিঁয়াতৰ পাত্ৰ বনাবলৈ চেষ্টা চলাব৷ প্ৰথম কথা এয়া অহংকাৰ তেওঁলোকৰ কোনোধৰণৰ কষ্ট নকৰাকৈ পিতৃ মাতৃৰ টকাৰে জীৱন যাপন কৰিবলৈ পালে পাহৰি পেলায় সেই টকাকেইটা যে পিতৃৰ কষ্টৰ ফল, এনে কিছু লোক আছে যিয়ে নিজেই উপাৰ্জম নিজেই কৰে কিন্তু কথা হ’ল তেওঁৰ সমান কোনোবাই টকা উপাৰ্জন কৰিব পৰা নাই এই ক্ষেত্ৰত কাৰোবাক হেয় জ্ঞান কৰাটো অহংকাৰী লোকৰ কাম৷ কেতিয়াবা এনে পৰিস্থিতিৰ সম্মুখীন হ’ব লগীয়া হ’ব পাৰে আপুনি যাক ঠাট্টা কৰে সেইজন ব্যক্তিয়েই হয়তো এদিন আপোনাক আপোনাৰ বিপদত সহায় কৰিব৷ গতিকে অহংকাৰ নকৰিব আৰু সকলোৰে সৈতে মিলিজুলি থাকক৷ মনত ৰাখিব যিমানেই নহওঁক সকলোৱে নিজেই কষ্ট কৰি উপাৰ্জন কৰি জীৱন যাপন কৰিছে৷