1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:57 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অসম দিৱস, বৰ অসমৰ ভেটি নিৰ্মাতা চুকাফাক সোঁৱৰিছে ৰাজ্যবাসীয়ে…

  • Update Time : Thursday, December 2, 2021

ডিজিটেল ডেস্কঃ ২ ডিচেম্বৰ, অসম দিৱস। শান ৰাজবংশৰ ৰাজকুমাৰ চাওলুঙ চুকাফাক স্মৰণ কৰি পালন কৰা হয় অসম দিৱক। অসম দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বৰ অসমৰ নিৰ্মাতা চাওলুঙ চুকাফাক স্মৰণ কৰা হৈছে। যোৰহাট চুকাফা সমন্নয় ক্ষেত্ৰতো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে অসম দিৱসৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰৰ দিছপুৰ প্ৰেচ ক্লাবৰ বাকৰিতো অসম জাতীয় পৰিষদে আয়োজন কৰিছে অসম দিৱসৰ।

চাওলুঙ চুকাফাৰ কৰ্মৰাজী বৰ অসমৰ ভেটী তৈয়াৰ কৰাত চুকাফাৰ অৱদান নুই কৰি বৰ্তমান অসমৰ কল্পনা কৰাটো অসম্ভৱ। সুদুৰ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত চুকাফাই ভৰি থোৱা দিনটোকে ১৯৭২ চনৰ পৰা অসম দিৱস হিচাপে পালন কৰা হয়।
১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পাম ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু সেই স্থানৰ পৰাই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সপোন দেখে। আহোম সকলৰ প্ৰথম ৰাজধানী আছিল খামজাং নামৰ ঠাইখনত। তাৰ পিছতেই নামৰূপত, হাবুঙত তাৰ পিছত শেহতীয়াভাৱে চৰাইদেউত ৰাজধানী পাতে। চৰাইদেউতেই স্থায়ী হিচাপে থাকি চুকাফাই বীৰত্ব আৰু বিচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ ভেটি সুদৃহভাৱে স্থাপন কৰে। প্ৰায় ৬০০ বছৰ অসমত আহোমৰ ৰাজত্বৰ এক সোণালী ইতিহাসৰ গুৰি ধৰোতা চুকাফাক সুৱৰি ২ ডিচেম্বৰৰ দিনটোক পালন কৰা হয়।

উল্লেখ্য যে, আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি, বীৰ লাচিত সেনাকে আদি কৰি বহুকেইটা দলপ সংগঠনেও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম দিৱসৰ আয়োজন কৰা দেখা গৈছে। লগতে এই দিৱসৰ সৈতে সংগতি ৰাখি উন্নয়নমূলক কামো হাতত লৈছে এই দল সংগঠনসমূহে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme