ডিজিটেল ডেস্কঃ গ্ৰন্থমেলাৰ বতৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গ্ৰন্থমেলাসমূহ৷ গুৱাহাটীত গ্ৰন্তমেলা হ’বনে নহয় এই বিষয়টোক লৈ প্ৰশ্নও উত্থাপিত হৈ আছিল যদিও বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যুটীয়াভাৱে সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলযোগে গ্ৰন্থমেলাৰ দিনো ঘোষণা কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷
এইবাৰৰ অৰ্থাত ২০২১ বৰ্ষৰ গ্ৰন্থমেলা যুটীয়াভাৱে পতাৰ সিদ্ধান্ত লৈছে প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সংস্থাই৷ বামুণীমৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্য্যালয়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই সম্বোধন কৰা সংবাদমেলত আগন্তক গ্ৰন্থমেলাৰ যো-জা সম্পৰ্কেও বিস্তৃত বিৱৰণ আগবঢ়াই৷ ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী ২০২২ লৈ হ’ব লগা গ্ৰন্থমেলাখনক এইবাৰ অন্য নামেৰে নামকৰণ কৰা হৈছে৷ ‘অসম গ্ৰন্থ মেলা’ নামেৰে নামকৰণ কৰা গ্ৰন্থমেলাখনকলৈ আশাবাদী আয়োজক সংস্থা কেইটাও৷ কভিডৰ সংক্ৰমণৰ বিষয়টোক লক্ষ্য ৰাখি যুটীয়াভাৱে অনুষ্টিত হ’ব লগা সংবাদমেলখনত প্ৰৱেশ মাচুল এইবাৰ বাধ্যতামূলক কৰা হৈছে৷