1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:14 am

অসম কৃষি বিশ্ববিদ্যালয়ত বিশেষ চাহ আৰু জৈৱিক চাহ উৎপাদনৰ প্ৰশিক্ষণ…

  • Update Time : Saturday, March 26, 2022

ডিজিটেল ডেস্কঃ চাহখেতি অতীজৰে পৰা ময্যদা সম্পন্ন খেতি হিচাপে পৰিগণিত হৈ আহিছে। সেই ময্যদাৰেই অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজতো এক উদ্যম তথা মনোবৃত্তি সোমাই আছে। সেই ধৰণেই অন্য খেতি আৰু খেতিয়কৰ প্ৰতিও আমাৰ মনস্তত্ব সলনি হব লাগিব। খেতিৰ প্ৰতি মানসিকতা সলনি কৰি খেতিৰ আনুসংগিক দিশবোৰৰ প্ৰতিও লক্ষ্য ৰাখি ময্যদাসম্পন্ন হিচাপে ভাবিবলৈ লব লাগিব৷

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত “বিশেষ চাহ প্ৰস্তুত প্ৰণালী আৰু জৈৱিক চাহ উৎপাদনৰ কৃষি কৌশল” বিষয়ক প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই এই মত ব্যক্ত কৰে৷ বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্মী আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত অনুষ্ঠিত পাচদিনীয়া এই প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটোত তেখেতে লগতে কয় যে, কৃষিত শ্ৰম বিনিয়োগ, আয়, অৰ্থনীতি আদি বিভিন্ন দিশবোৰত গুৰুত্ব দি জীৱিকা উপাৰ্জন কৰিব নোৱাৰিলে খেতিত লাগি থকাৰ অৰ্থ নাই। সেয়ে খেতিৰ পৰিবৰ্তনবোৰ মন মগজুত সুমুৱাই লৈ আগবাঢ়ি গৈ পৰম্পৰাগত জ্ঞানৰ সৈতে বজাৰ বুদ্ধিমত্তাৰ দিশবোৰ সংযুক্ত কৰি আগবাঢ়িব লাগিব। চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক ড° গৌতম শইকীয়াই আত ধৰা অনুষ্ঠানটোত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদে কয় যে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত চাহখেতিৰ যি অৱদান সেই অৱদানত এক গৰিষ্ঠ সংখ্যক বৰঙনি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত চাহে যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে জৈৱিক চাহ বিদেশলৈকো ৰপ্তানি কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে আশাপ্ৰদ খবৰ ।

উত্তৰ পূৱ প্ৰযুক্তি প্ৰয়োগ কেন্দ্ৰ নতুন দিল্লীৰ সৌজন্যত ২২ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত চাহ খেতিৰ লগত জড়িত মৰাণ আৰু টাংচা জনগোষ্ঠীৰ লগতে অসমৰ কেবাখনো জিলাৰ নিৰ্বাচিত ২০ গৰাকী উদ্যমী চাহ খেতিয়কক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড° মৃদুল ডেকাই অসমৰ চাহখেতিৰ উত্তৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ এই বিভাগটোৱে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰাৰ লগতে এই প্ৰশিক্ষণৰ জৰিয়তে চাহৰ ব্যৱহাৰ, খেতিৰ নতুন কৌশল, উৎপাদন বিপননৰ শেহতীয়া ধাৰা সম্পৰ্কত খেতিয়কসকল উপকৃত হব পাৰিব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানটোত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা শাখাৰ সভাপতি জীৱন শইকীয়া, সম্পাদক কৃষ্ণপ্ৰসাদ শৰ্মাইৰ লগতে কেবাজনো প্ৰশিক্ষাৰ্থীয়েও নিজৰ অনুভৱ ব্যক্ত কৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ইন্দ্ৰপ্ৰসাদ চাহেৱালা , অধ্যাপক ড° হৰীন্দ্ৰ গগৈ,ড° প্ৰিয়ংকা দাস, অদিতি গগৈ ,মনোৰঞ্জন গগৈ , দিগন্ত বৰা, কল্পৰঞ্জন বৰাইও অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme