1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:53 am

অসমৰ বিজ্ঞানীৰ সাফল্য… আৱিষ্কাৰ কৰিলে অমিক্ৰ’ন পৰীক্ষাৰ কীট

  • Update Time : Saturday, December 11, 2021

ডিজিটেল ডেস্কঃ অমিক্ৰ’নক লৈ উদ্বিগ্ন সমগ্ৰ দেশ৷ বিশ্বৰ প্ৰায় ৩০ খন দেশত মাৰাত্মক ৰূপ ধাৰণ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট অমিক্ৰ’নে৷ বৰ্তমানলৈ ভাৰতত মুঠ ৩২ জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰন৷

অমিক্ৰ’নে সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰাৰ সময়তে ডিব্ৰুগড়ৰ ICMR ৰ পৰা আহিছে সুখবৰ৷ ২ ঘন্টাতে ফলাফল পাব পৰাকৈ অমিক্ৰ’ন কীট তৈয়াৰ কৰিছে ডিব্ৰুগড়ৰ ICMR-ৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বজিৎ বৰকটকীয়ে৷ কোনো এজন লোকৰ গাত অমিক্ৰ’নৰ সংক্ৰমন ধৰা পেলাবলৈ সময় লাগে প্ৰায় তিনিদিন৷

অসমৰ বিজ্ঞানীগৰাকীয়ে তৈয়াৰ কৰা কীটটোৱে লেবৰটৰী পৰীক্ষাত ১০০% সফলতা লাভ কৰিব বুলি দাবী কৰিছে বিশ্বজিৎ বৰকটকীয়ে৷ ইতিমধ্য ICMR এ বায়টিক কোম্পানীৰ সৈতে কথা পাতিছে আৰু শীঘ্ৰেই বজাৰত মুকলি কৰি দিয়া হ’ব এই অমিক্ৰ’ন কীটতো৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme