1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:24 am

অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰা, কাঁ মহোৎসৱত জিলিকিল ‘বুম্বা ৰাইড’

  • Update Time : Monday, May 23, 2022

ডিজিটেল ডেস্কঃ অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰা। কাঁ মহোৎসৱত প্ৰদৰ্শিত হ’ল অসমত নিৰ্মিত ছবি ‘বুম্বা ৰাইড’। পৰিচালক বিশ্বজিৎ বৰা আৰু প্ৰযোজক লুইত কুমাৰ বৰ্মন সাক্ষী হ’ল কাঁ মহোৎসৱৰ সেই ঐতিহাসিক ক্ষণৰ। ৭৫ সংখ্যক কাঁ ফেষ্টিভেলত জিলিকি উঠিল ছবিখন। দেশী বিদেশী চিনেমাপ্ৰেমীয়ে উপভোগ কৰিলে ছবিখন। সেই যে গাওঁৰ কণমানি বুম্বা ওৰফে ইন্দ্ৰজিৎ পেগু। দেৰগাওঁৰ ভিতৰুৱা গাঁওৰ কণমানি ইন্দ্ৰজিতে নজনাকৈয়ে পাৰ হ’ল সাত সাগৰ তেৰ নদী।

‘বুম্বা ৰাইড’ৰ বিশেষ সফলতাই পুনৰবাৰ যেন বিশ্ববাসীৰ সন্মুখত জিলিকাই তুলিলে অসমক। জংঘলৰ ঠাই বুলি পৰিচিত অসমক ছবিখনৰ বাবেই বিশ্ববাসীয়ে আকৌ এবাৰ দেখিলে। বুম্বা ৰাইডৰ সফলতাই ৰাজ্যলৈ পুনৰবাৰ কঢ়িয়াই আনিলে সন্মান। অভিনেতা বুম্বা ওৰফে কণমানি ইন্দ্ৰজিৎে যদিও বুজা নাই এই মহোৎসৱৰ মহত্ব তথাপিও, কিবা এটা আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটট যে সি জিলিকিছে সেই কথা বুজি উঠিছে। অভিনয় জগতত কাম কৰি যোৱাৰ হেপাহো পুহি ৰখাৰ কথা উল্লেখ কৰিছে কণমানি ইন্দ্ৰজিৎে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme