1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 10:26 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

অসমীয়া ছবিয়ে জিনিছে জগত…অস্কাৰৰ দৌৰত চামিল প্ৰথমখন অসমীয়া ছবি ‘ব্ৰিজ’

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতৰ বাবে সুখবৰ। অসমীয়া ছবিয়ে জিনিছে জগত। প্ৰথমবাৰৰ বাবে আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ অস্কাৰৰ দৌৰত চামিল হৈছে অসমীয়া ছবি। অসমীয়া ছবি ‘ব্ৰিজে’ ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হৈছে৷ চিনেমা খনে শেহতীয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতা ই শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান আৰু চিনেমা খনৰ মুল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰিজে ইতিমধ্যে ৩৭ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে। ৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰিজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘ব্ৰিজে’৷

ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰতো ‘ব্ৰিজে’ স্হান লাভ কৰিছে৷ কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনাৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰিজৰ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই অ’টোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে দুটাকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। পৰিচালক কৃপাল কলিতা ই ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত লাভ কৰিছে ইণ্ডিয়ান ফিল্ম ক্ৰিটিক্সৰ শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান ।
ব্ৰিজ ৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজৰ সম্পাদনা কিশোৰ ডেকা প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা।কলা নিৰ্দেশনা দ্বীপেন চুতীয়া ।চিংক চাওণ্ড মাধব দাস আৰু গুনজিৎ শৰ্মা। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতমৰ। ডি আই ৰাজেশ য়াদব। কলা নিৰ্দেশনা দ্বীপেন চুতীয়াৰ। ‘ব্ৰিজ’ৰ মুল চৰিত্ৰ টোত অভিনয় কৰিছে শিৱা ৰানী কলিতা ই আনহাতে অনিন্দিতা দাস, গোপমনী গগৈ, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, সুৰেন মহন্ত, ৰীনা বৰা, ৰোহিনী কুমাৰ ডেকা, ধনজিৎ শৰ্মা, শচিন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস ,ৰাজু ভড়ালী আদি বহুকেইজন ন’ পুৰণি শিল্পীয়ে৷ আগন্তক বৰ্ষৰ ৪ ফেব্ৰুৱাৰীত ‘ব্ৰিজ’ ছবি গৃহলৈ আহিব বুলি জনাইছে পৰিচালক-প্ৰযোজকে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme