1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 9:48 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

অসমীয়া নৱবৰ্ষই শুভ-সংকেত কঢ়িয়াই আনিব ৪ ৰাশিৰ জীৱনলৈ

  • Update Time : Wednesday, April 10, 2024

সমাগত অসমীয়া নৱবৰ্ষ, প্ৰতিবছৰৰ দৰে এইবাৰো অসমীয়া নৱবৰ্ষই ১২ ৰাশিৰ জীৱনলৈ কঢ়িয়াই আনিব বিভিন্ন ইতিবাচক আৰু নেতিবাচক দিশ। চাকৰিৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত,কৰ্মস্থানৰ ক্ষেত্ৰত ১২ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনলৈ কি প্ৰভাৱ পেলাব আগন্তুক অসমীয়া নৱবৰ্ষই, তাক লৈ চলিছে এতিয়া চৰ্চা। আগন্তুক দিনবোৰত বিশেষ চাৰিটা ৰাশিৰ ভাগ্যৰ চকৰী হ’ব পৰিৱৰ্তন, কোন ৪টা ৰাশিৰ জীৱনত আহিব শুভ বাৰ্তা জানি লওঁক সবিশেষ-

মেষ ৰাশি- অসমীয়া নৱবৰ্ষই মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনলৈ কঢ়িয়াই আনিব অনাবিল আনন্দ। শনিৰ শুভ দৃষ্টি পৰিব এইসকল ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনত। নতুন চাকৰিৰ যুগ দেখিব পোৱা গৈছে এওঁলোকৰ ৰাশিফলত, আনহাতে ব্যৱসায়ী ক্ষেত্ৰত ভাগ্য উদয় হ’ব মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ।

বৃষ ৰাশি- বৃষ ৰাশিৰ জাকত-জাতিকাৰ বাবে বৰ এটা ভাল নহয় আগন্তুক অসমীয়া নৱবৰ্ষ, বিভিন্ন ক্ষেত্ৰত কিছু কথাক লৈ অপমানিত হ’ব পাৰে এইসকল ৰাশিৰ জাতক-জাতিকাসকলে। কিন্তু তাৰ মাজতো ব্যক্তিগত আৰু চৰকাৰী চাকৰিৰ যুগ দেখা দিছে এইসকল ৰাশিৰ জাতক-জাতিকাৰ ওপৰত। সামৰিক বাহিনী, পৰিবহন বিভাগত চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা এইসকল জাতক-জাতিকাৰ।

মিথুন ৰাশি- মিথুম ৰাশিৰ জাকত-জাতিকাসকলৰ চাকৰিত পদোন্নতি লাভ কৰা সম্ভাৱনা দেখিব পোৱা গৈছে। আয়বৃদ্ধিৰ লগতে পৰিয়ালৰ কোনো লোকে লাভ কৰিব শুভ সংবাদ। ৰখি থকা ধন মুকলি হোৱাৰ সম্ভাৱনা আগন্তুক নতুন বৰ্ষত।

কৰ্কট ৰাশি- অসমীয়া নৱবৰ্ষত অলপ কষ্টৰ সন্মুখীন হ’ব এই ৰাশিৰ জাকত-জাতিকাসকলে। কোনো উচ্চপদস্থ বিষয়াৰ পৰা লাভ কৰিব পাৰে অসৎ আচৰণ, আনহাতে কিছু মানসিক অশান্তিয়ে দেখা দিব পাৰে প্ৰথম পৰ্যায়ত। কিন্তু মাজভাগত কৰ্মপ্ৰাপ্তিৰ যুগ দেখা দিছে এইসকল ৰাশিৰ জাতক-জাতিকাৰ জীৱনত। আনহাতে বছৰটোৰ মাজভাগত শুভ সংবাদ লাভ কৰিব পাৰে এইসকল ৰাশিৰ জাতক-জাতিকাসকলে।

সিংহ ৰাশি- আগন্তুক অসমীয়া নৱবৰ্ষ অতিকৈ শুভ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে। মনৰ ইচ্ছা পূৰণ হোৱা সম্ভাৱনা, কৰ্মক্ষেত্ৰত উচ্চ পদস্থ বিষয়াৰ প্ৰশংসা লাভ কৰিব এইসকল ৰাশিৰ ব্যক্তিসকলে। চৰকাৰীৰ চাকৰিৰ যুগ দেখা দিছে সিংহ ৰাশি জাতক-জাতিকাসকলৰ মাজত। কিন্তু বছৰৰ আৰম্ভণিতে স্বাস্থ্য কিছু বিধি-পঠালি দিব পাৰে সিংহ ৰাশিৰ লোকৰ ব্যক্তিসকলে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme