CTA Entertainment Desk-পৰিয়ালৰ সৈতে সম্পৰ্ক ভাঙি তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল মল্লিকা শ্বেৰাৱতে ১৯৭৬ চনৰ ২৪ অক্টোবৰত হাৰিয়ানাৰ হিছাৰত জন্মগ্ৰহণ কৰিছিল মল্লিকাই। ৰোহটকৰ জাট পৰিয়ালত সন্তান মল্লিকাই দিল্লী বিশ্ববিদ্যালয় আৰু মিৰাণ্ডা হাউচ কলেজৰ পৰা দৰ্শন বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। মল্লিকাৰ আছল নাম ৰীমা লাম্বা। অভিনেত্ৰীগৰাকীৰ পিতৃয়ে মল্লিকা আই এ এছ হোৱাটো বিচাৰিছিল যদিও সৰুৰে পৰাই ছবিৰ জগতখনলৈ যোৱাৰ সপোন দেখিছিল। মল্লিকাই যেতিয়া ছবিত প্ৰৱেশ কৰিছিল তেতিয়া পৰিয়ালৰ সকলোৱে সম্পৰ্ক ছেদ কৰিছিল মল্লিকাৰ সৈতে।
২০০২ চনত কৰীনা কাপুৰ-তুষাৰ কাপুৰ অভিনীত ছবি ‘জিনা ছিৰফ মেৰে লিয়ে’ৰ জৰিয়তে চলচ্চিত্ৰত অভিষেক ঘটে মল্লিকাৰ। কিন্তু মুখ্য চৰিত্ৰ হিচাপে ‘খোৱাহিছ’ ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল, য’ত অভিনেত্ৰীগৰাকীৰ চুম্বনৰ দৃশ্যই সেই সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল ইয়াৰ পিছতেই ইমৰাণ হাছমীৰ ৰোমান্টিক থ্ৰিলাৰ ছবি ‘মাৰ্ডাৰ’ৰ জৰিয়তে লাইমলাইটৰ কেন্দ্ৰবিন্দু হৈ পৰে মল্লিকা। মল্লিকাৰ সাহসী দৃশ্যবোৰৰ বাবেই নিশাটোক ভিতৰতেই তাৰকা হৈ পৰিছিল মল্লিকা। এগৰাকী আবেদনময়ী অভিনেত্ৰী হিচাপে মল্লিকা শ্বেৰাটৰ বেছ নাম আছে। বলিউদৰ লগতে হলিউদৰ ‘হিছ’তো অভিনেত্ৰীগৰাকীয়ে অভিনয় দক্ষতাৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তনাম মল্লিকাৰ বয়স ৪৯ বছৰ, তথাপিতো ৰূপে গুণে এতিয়াও ১৬ বছৰীয়া গাভৰুৰ দৰেই মল্লিকা৷
শেহতীয়াকৈ মল্লিকাই চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটো