1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 4:28 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

অলিম্পিকত অভিলেখ গঢ়িলে জুলিয়েন আলফ্ৰেড

  • Update Time : Sunday, August 4, 2024

১০.৭২ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখেৰে শনিবাৰে মহিলাৰ ১০০ মিটাৰ ফাইনেলত জয়লাভ কৰি ছেইণ্ট লুচিয়াৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰে জুলিয়েন আলফ্ৰেডে। প্ৰচণ্ড বৰষুণ আৰু ভিজা ট্ৰেকৰ মাজতো আলফ্ৰেডৰ সুন্দৰ আৰম্ভণি আৰু ধাৰাবাহিক গতিয়ে তেওঁৰ জয় নিশ্চিত কৰে।

পূব কেৰিবিয়ান ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ ছেইণ্ট লুচিয়াৰ জনসংখ্যা মাথোঁ এক লাখ আশী হাজাৰ। চেনী উৎপাদনৰ লগতে পৰ্যটন উদ্যোগৰ দ্বাৰা পৰিচালিত দেশ ছেইণ্ট লুচিয়াৰ বাবে জুলিয়েনৰ এই অলিম্পিক সোণৰ পদকে আন এক অনন্য অভিলেখো কঢ়িয়াই আনিছে। জুলিয়েন আলফ্ৰেডে লাভ কৰা সোণৰ পদকটোৱেই ছেইণ্ট লুচিয়াৰ বাবে অলিম্পিকৰো প্ৰথম পদক! ইয়াৰ পূৰ্বে ছেইণ্ট লুচিয়াত নাছিল কোনো এজন অলিম্পিক পদক বিজেতা!

এই দৌৰত বিশ্ব চেম্পিয়ন আৰু প্ৰিয় ছা’কেৰী ৰিচাৰ্ডছনে ১০.৮৭ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে আৰু তেওঁৰ সতীৰ্থ আমেৰিকান মেলিছা জেফাৰচনে ১০.৯২ ছেকেণ্ডত ব্ৰঞ্জৰ পদক লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme