1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 1:40 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

অমিক্ৰ’নৰ প্ৰভাৱ! বিমান যাত্রীসকললৈ নতুন নিৰ্দেশনা…

  • Update Time : Wednesday, December 1, 2021

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অমিক্ৰ’নৰ বৰ্ধিত সংক্ৰমণে পুনৰ আতঙ্কিত কৰি তুলিছে পৃথিৱীবাসীক। পৃথিৱীৰ বহুকেইখন দেশতেই আৰম্ভ হৈছে অমিক্ৰণৰ সংক্ৰমণ। বৰ্তমানলৈ আমাৰ দেশত অমিক্ৰ’নৰ সংক্ৰমণ আৰম্ভ হোৱা নাই যদিও অমিক্ৰ’নৰ বৰ্ধিত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আগতীয়াকৈয়ে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰী কৰিছে।

মঙলবাৰে মাজনিশাৰ বিমান যাত্ৰীসকলৰ বাবে কাৰ্যকৰী হৈছে কিছু নিয়মাৱলী। এই নিৰ্দেশনা অনুসৰি বিমান যাত্ৰীসকলে বিমানবন্দৰত ৬ ঘণ্টা অপেক্ষা কৰিব লগা হ’ব পাৰে। নতুন নিৰ্দেশনা অনুসৰি প্ৰায় বিদেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে বিমানবন্দৰত আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। পৰীক্ষাৰ বাবেই ৬ ঘণ্টা পৰ্যন্ত অপেক্ষা কৰিব লগা হ’ব পাৰে যাত্ৰীসকলে। RTPCR টেষ্টৰ ফলাফল লাভৰ পিছতহে যাত্ৰীসকলক বিমানবন্দৰৰ পৰা বাহিৰ লৈ যাবলৈ অনুমতি দিয়া হ’ব। আনহাতে, বিদেশৰ পৰা বিমানেৰে অহা পাঁচ শতাংশ যাত্ৰীক কোভিড-১৯ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্রীয় চৰকাৰে।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ে সংক্ৰমিত দেশসমূহৰ আন্তৰ্জাতিক যাত্ৰীসকলক আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফল লাভ নকৰালৈকে বিমানবন্দৰত অপেক্ষা কৰিবলৈ পৰামৰ্শ দিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme