1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 9:22 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

অভিভাৱকসকল সাৱধান, ৰাজ্যত ভুৱা শিক্ষানুষ্ঠানৰ দৌৰাত্ম্য…

  • Update Time : Saturday, March 5, 2022

ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালী খেলিছে একাংশ শিক্ষানুষ্ঠানে৷ ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ থেলি দিছে AJ Group of Institute শিক্ষানুষ্ঠানটোৱে৷ গুৱাবাটী মহানগৰী ধাৰাপুৰত অবস্থিত AJ Group of Institute ৰ স্বত্বাধিকাৰী আব্দুল জব্বৰ ওপৰত ভুৱা শিক্ষা প্ৰতিষ্ঠান খুলি ছাত্ৰ ছাত্ৰীৰ জীৱন অন্ধকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ মৰ্মে মহানগৰ আৰক্ষীয়ে জব্বৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷ AJ Group of Institute টোৱে দীৰ্ঘদিন ধৰি যাৱতীয়া নথি পত্ৰ নোহোৱাকৈ প্ৰায় ডেৰৰ পৰা দুই লক্ষাধিক টকা লৈছিল নামভৰ্তিৰ নামত৷ লগতে বিভিন্ন প্ৰলোভনৰ জৰিয়তে নামভৰ্তি কৰোৱাৰ অভিযোগ আব্দুল জব্বৰ বিৰুদ্ধে৷

তাৰোপৰি ছাত্ৰী-ছাত্ৰী সকলক চাকৰিৰ প্ৰলোভনেৰে বি-ফাৰ্ম, জেনেৰেল নাৰ্চিং এণ্ড মিডৱাইফাৰী আৰু বিএছচি নাৰ্ছিং ৰ পৰীক্ষা দিয়াৰ বাবে লৈ গৈছিল বেংগালুৰুলৈ। কিন্তু AJ GROUP OF ইনষ্টিটিউটৰ লাইচেঞ্চ নোহোৱা হেতুকে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত বহিবলৈ দিয়া নাছিল বেংগালুৰুৰ শিক্ষা প্ৰতিষ্ঠানখনে। ছাত্ৰ-ছাত্ৰীসকলে এই সমস্যাৰ সন্মুখীনহৈ উভতি আহি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত এজেহাৰ দাখিল কৰে। এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ইনামূল হক চিকদাৰ আৰু ইলিয়াছ হাচানক আটক কৰে যদিও AJ Group of Institute ৰ স্বত্বাধিকাৰী আব্দুল জব্বৰক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ যাৰ বাবে এতিয়া প্ৰতিবাদত বহিছে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme