1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 2:09 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

অভিনেতা ৰনদীপ হুদাৰ নতুন ৰূপে স্তম্ভিত কৰিছে অনুৰাগীক

  • Update Time : Monday, March 18, 2024

‘হাইৱে’, ‘চুলতান’, ‘সৰবজিত’ৰ দৰে বহু ছবিত অভিনয়েৰে উদ্যোগটোত স্থান দখল কৰা অভিনেতা ৰনদীপ হুদাই আজিকালি পৰিচালকৰ অভিষেকৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। অভিনেতাগৰাকীয়ে ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ছবিখনত অভিনয়ৰ লগতে পৰিচালনাও কৰিছে। এই ছবিখনত তেওঁ স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ ট্ৰেইলাৰটোও মুক্তি পাইছে, য’ত মানুহে বীৰ সাৱৰকাৰৰ চৰিত্ৰত ৰনদীপ হুদাক আদৰি লৈছে। এই চৰিত্ৰৰ বাবে তেওঁ যেনেদৰে নিজৰ লুক সলনি কৰিছে সেই কথাই অনুৰাগীসকলক বহু আপ্লুত কৰিছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা অনুৰাগীসকলে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

ইফালে শেহতীয়াকৈ ৰনদীপ হুডাই নিজৰ ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ লুকটোৱে মানুহক আচৰিত কৰি তুলিছে। ছবিখনত দেখা পাব ৰনদীপ হুডাৰ এই নতুন ৰূপ। এই ফটোখনত ৰনদীপক চিনি পোৱাটো কঠিন হৈ পৰিছে। তেওঁৰ লুক সলনিয়ে সকলোৱে স্তম্ভিত কৰিছে। এই ছবিখন শ্বেয়াৰ কৰাৰ সময়ত ৰনদীপ হুডাই কেপচনত লিখিছে, ‘কালা পানী’। ৰণদীপৰ এই ছবিখনৰ জৰিয়তে অভিনেতাগৰাকীয়ে বুজাব খুজিছে যে কালা পানীৰ শাস্তিৰ সময়ত সাৱৰকাৰ অতি ক্ষীণ হৈ পৰিছিল। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰনদীপৰ এই ছবিখন। অনুৰাগীসকলে তেওঁক বহু প্ৰশংসাও কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme