1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:54 am

অন্ত পৰিল যুদ্ধ! বেলাৰুছত আৰম্ভ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰতিনিধি বৈঠক…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্কঃ অৱশেষত যেন ক্ষাম কাটিছে যুদ্ধৰ। সোমবাৰে বিয়লি ৩-৩০ মিনিটৰ পৰা আৰম্ভ হৈছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ বৈঠক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যদিও পোনতে বেলাৰুছত আলোচনাত বহিবলৈ অস্বীকাৰ কৰিছিল শেষলৈ ইউক্ৰেনিয়ানবাসীৰ নিৰাপত্তাৰ স্বাৰ্থতেই মস্কোৰ এই দাবী মানি মিলিত হৈছে আলোচনাত। বৈঠকৰ বাবে বেলাৰুছত উপস্থিত হৈছে ইউক্ৰেইনৰ প্ৰতিনিধি দলটো। ৰাছিয়াৰ প্ৰতিনিধিৰ সৈতে ইউক্ৰেইনৰ প্ৰতিনিধিৰে আৰম্ভ হৈছে বৈঠক।

দুয়োখন দেশৰ মাজত বিগত ৫ দিনে অব্যাহত আছে যুদ্ধ। আজিও পুৱাৰ ভাগৰপৰাই চলি আছিল আক্ৰমণ প্ৰত্যাক্ৰমন। কিন্তু বিয়লিৰ ভাগলৈ দুয়ো দেশেই বৈঠকত মিলিত হোৱাৰ খবৰে কিছু পৰিমানে হ’লেও আশ্বস্ত কৰিছে দুয়োখন দেশৰেই লোকসকলক। বৈঠকৰ খবৰে এক নতুন ইংগিত বহন কৰিছে। এই আলোচনাৰ মূল বিষয় তাৎক্ষণিক যুদ্ধ বিৰতি। আলোচনা সফল হ’লে ইউক্ৰেইনৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব ৰাছিয়ান সেনাকো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme