1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:05 am

অনুৰাগীক দিলে সুখবৰ! মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী কিয়াৰা আদৱানী

  • Update Time : Friday, February 28, 2025

দীপিকা পাডুকন আৰু আলিয়া ভাটৰ পিছত এতিয়া মাতৃ হ’বলৈ ওলাইছে আন এগৰাকী বলীউড অভিনেত্ৰী কিয়াৰা আদৱানী। কিয়াৰা আৰু সিদ্ধাৰ্থই এই ভাল খবৰটো অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

কিয়াৰা আদৱানীয়ে সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছে এই ফটোখনত দুয়োজনে ইজনে সিজনৰ হাতত ধৰি আছে। তাৰ ওপৰত ক্ৰীম ৰঙৰ মোজা এযোৰ ৰখা হৈছে। দুয়োৰে এই ফটোখন অনুৰাগীসকলে বৰ ভাল পাইছে।
পিতৃ-মাতৃ হ’বলৈ ওলোৱা তাৰকা দম্পত্তিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট লিখিছে – ‘আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। আহি আছে। এই পোষ্ট দিয়াৰ লগে লগে অনুৰাগী আৰু চেলিব্ৰিটি উভয়ে অভিনন্দন জনাবলৈ আৰম্ভ কৰে।

উল্লেখযোগ্য যে, কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহৰ দুবছৰ হ’ল। ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হয়। দুয়োৰে বিয়া হৈছিল ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত। য’ত বলীউডৰ তাৰকাসকলৰ উপৰিও পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়সকলেও অংশগ্ৰহণ কৰিছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme