1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 11:46 am
Trending:
আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে!

অনলাইনত গাঞ্জা… আমাজনৰ সঞ্চালকৰ বিৰুদ্ধে গোচৰ

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ভিন্দত আমাজন শ্বপিঙ এপটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত কোম্পানীটোৰ সঞ্চালকসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। আমাজনৰ বিৰুদ্ধে অনলাইনত গাঞ্জা বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ভিন্দ আৰক্ষীয়ে প্ৰকাশ কৰে যে গাঞ্জা (মাৰিজুয়ানা) কেইদিনমান আগতে আমাজনে বিক্ৰি কৰিছিল। আৰক্ষীয়ে গোচৰটোত আমাজনৰ সঞ্চালকসকলৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত ৰুজু কৰিছে গোচৰ।

ভিন্দৰ এছ পি মনোজ কুমাৰ সিঙৰ মতে, ১৩ নৱেম্বৰত গোহাদ চক আৰক্ষীয়ে মুঠ ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আনহাতে আমাজনৰ জৰিয়তে গাঞ্জা প্ৰেৰণ কৰিছিল বুলি স্বীকাৰোক্তি দিছে অভিযুক্তকেইজনে। আৰক্ষীয়ে অভিযুক্তৰ পৰা প্ৰায় ২১কিঃগ্ৰাঃ, ৭৩৪ গ্ৰাম গাঞ্জা জব্দ কৰিছে।
তদন্তত পোহৰলৈ আহিছে যে অভিযুক্ত সুৰজ আৰু মুকুল জয়ছোৱালে এটা বাবু টেক্স কোম্পানী গঠন কৰি ইয়াক আমাজনত বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰিছে।

উল্লেখ্য যে দুয়োজনে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ পৰা অনলাইন গাঞ্জা অৰ্ডাৰ কৰি গ্ৰাহকসকলক প্ৰদান কৰি আহিছে। যুৱক দুজনৰ স্বীকাৰোক্তিৰ পিছতেই আৰক্ষীয়ে আমাজন কোম্পানীৰ পৰা সঁহাৰি বিচাৰিছিল কিন্তু কোম্পানীটোৱে কোনোধৰণৰ সহাঁৰি বৰ্তমানো দিয়া নাই। বিষয়টোক গা এৰা দিয়াৰ বাবেই অৱশেষত আৰক্ষীয়ে আমাজন শ্বপিঙ এপটোৰ বিৰুদ্ধে এনডিপিএছ আইন, ১৯৮৫ ৰ ধাৰা ৩৮ ৰ অধীনত আমাজন কোম্পানীৰ কাৰ্যবাহী সঞ্চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme