1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 3, 2024, 12:57 pm
Trending:
ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল!

অধিকভাৱে ছেনিটাইজাৰ ব্যৱহাৰ কৰিলে ছালৰ হ’ব পাৰে ভিন্ন ৰোগ!

  • Update Time : Tuesday, June 11, 2024

কোভিড-19ৰ পৰৱৰ্তী সময়ছোৱাত মানুহৰ প্ৰথম প্ৰয়োজনীয় বস্তু হৈ পৰিছিল হেণ্ড ছেনিটাইজাৰ৷ ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই ছেনিটাইজাৰৰ অধিক ব্যৱহাৰৰ বিপৰীতে সাৱধানবাণী প্ৰদান কৰিছিল, ছেনিটাইজাৰে মাইক্ৰবেছক নাশ কৰিব পাৰে, সমান্তৰালকৈ হাতৰ হাড় দুৰ্বল কৰাৰ লগতে ফোপোলা কৰি তোলাৰ দৰে পাৰ্শ্বক্ৰিয়া কৰিব পাৰে৷ এন্টিবেক্টেৰিয়েল হেণ্ড ছেনিটাইজাৰত থকা কণিকাবোৰে এন্টিবায়টিক প্ৰতিৰোধ গঢ়ি তোলাৰ সম্ভাৱনা থাকে৷ বিজলুৱা আৰু পনীয়া হেণ্ড ছেনিটাইজাৰ অধিক কাৰ্যক্ষম ৷ হাতত ব্যৱহাৰ কৰাৰ 60 ছেকেণ্ডৰ ভিতৰত ই লুপ্ত হৈ যাব লাগে৷ হাতত লাগি ধৰি থকা ছেনিটাইজাৰৰ ফলত ছালৰ এলাৰ্জি হোৱাৰ সম্ভাৱনা থাকে৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, 60 শতাংশ ইথানল থকা এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰ মানুহে ব্যৱহাৰ কৰিব লাগে৷ হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সময়ত ২০-৩০ ছেকেণ্ড সময় হাত দুখন ভালদৰে মোহাৰি লওঁক৷ অত্যাধিক ছেনিটাইজাৰ ব্যৱহাৰ কৰিলে হ’ব পাৰে ভিন্ন ৰোগ,
. অত্যধিক চেনিটাইজাৰ ব্যৱহাৰ কৰিলে ছালৰ ৰোগ বা একজিমা অৰ্থাৎ ছালত খজুৱতি হ’ব পাৰে। ডাৰ্মাটাইটিছ বা একজিমাৰ ফলত ছাল ৰঙা, ৰুক্ষ বা আনকি ফাটিব পাৰে।
. চেনিটাইজাৰত ফ্থালেট আৰু পেৰাবেন আদি বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি ইয়াক সুগন্ধিযুক্ত কৰি তোলা হয়। ফ্থালেটে অন্তঃস্ৰাৱী তন্ত্ৰত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত ব্যক্তিৰ বিকাশ আৰু প্ৰজনন ক্ষমতাত ব্যাঘাত জন্মাব পাৰে। আনহাতে পেৰাবেন আমাৰ হৰম’নৰ বাবে ক্ষতিকাৰক, প্ৰজনন ক্ষমতা বৃদ্ধি কৰে।
. চেনিটাইজাৰত অধিক পৰিমাণে এলকহল থাকে যাতে ইয়াক অধিক ফলপ্ৰসূ হয়। কিন্তু এই ছেনিটাইজাৰ বেছি ব্যৱহাৰ কৰাৰ ফলত ভিন্ন ছালৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme