কেক খাই ভাল পাই নে আপুনি? নিশ্চয় পায় নহয় নে? পিছে কেক বনাবলৈ ইমান সামগ্ৰী লাগে আৰু ইমান সময় লাগে যে বনাই খাবলৈ মন নোযোৱা হৈ পৰে৷
পিছে আজি আপোনালোক এটি অতি সহজ উপায় দিম যাৰ জৰিয়তে ঘৰতে কেক বনাব পাৰিব.
প্ৰথমে আপুননি এটা মেৰিগল্ড বিস্কুটৰ পেকেট আনি বিস্কুট খিনি এটা পাত্ৰত লৈ লওঁক তাৰ পিছত বিস্কুট খিনিৰ ওপৰত দুটা কণী( বিস্কুট অনুসৰি কণী কিমান দিব লাগিব চাই ল’ব), সোৱাদ অনুসৰি চেনি দি
গোটেইখিনি মিহলি কৰি পেষ্ট এটা বনাব৷ তাৰ পিছত অন্য এটা পাত্ৰত চেনি লৈ সেইখিনি গলাই ল’ব৷ চেনি খিনি গলাই লোৱাৰ পিছত এটা পাত্ৰত সেইখিনি দি দিব যাতে পাত্ৰটোৰ চাৰিওফালে লাগি যায় তাৰ পিছতে বিস্কুট, কণী, চেনিৰ মিশ্ৰণটো মিক্সিত পিহি লৈ গলাই লোৱা চেনিৰ ওপৰত দি সেই পাত্ৰটো এটা ডাঙৰ পাত্ৰৰ ভিতৰত দি গেচ বা জুঁইৰ…